ব্যয়হীন-খৰতকীয়াকৈ নিষ্পত্তি হ'ব গোচৰঃ নগাঁৱত আয়োজন ৰাষ্ট্ৰীয় লোক আদালতৰ

ব্যয়হীন-খৰতকীয়াকৈ নিষ্পত্তি হ'ব গোচৰঃ নগাঁৱত আয়োজন ৰাষ্ট্ৰীয় লোক আদালতৰ

author-image
Asomiya Pratidin
New Update
ব্যয়হীন-খৰতকীয়াকৈ নিষ্পত্তি হ'ব গোচৰঃ নগাঁৱত আয়োজন ৰাষ্ট্ৰীয় লোক আদালতৰ

ডিজিটেল সংবাদ, বেবেজীয়াঃ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ৯ চেপ্তেম্বৰৰ পুৱা ১০ বজাৰ পৰা নগাওঁ ন্যায়িক আদালত ভৱনত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদি বিভিন্ন গোচৰ ব্যয়হীন ভাৱে, খৰতকীয়াকৈ নিষ্পত্তিৰ ব্যৱস্থা কৰা হ'ব ৷

Advertisment

তদুপৰি বেংকৰ লেন-দেন (ঋণ), টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহ নিষ্পত্তিৰ ব্যৱস্থাও গ্ৰহণ কৰা হ'ব এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে ৷ সৰ্ব্বসাধাৰণ ৰাইজৰ সুবিধাৰ্থে এই গোচৰসমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা বৰ্তমান জিলা আইন সেৱা কাৰ্যালয়ৰ জৰিয়তে গ্ৰহণ কৰি থকা হৈছে। এই সম্পৰ্কত নগাওঁ ন্যায়িক আদালত ভৱনৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়, চতুৰ্থ মহলাৰ ৬৩ নং কক্ষৰ লগত যোগাযোগ কৰিবলৈ নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সচিব মনিকা মিছঙে আহ্বান জনাইছে ৷

Also Read: শেষ হোৱা নাই ক'ভিড কেলেংকাৰীঃ এইবাৰ গোচৰ ৰুজু প্ৰাক্তন মেয়ৰৰ বিৰুদ্ধে

GOVT OF ASSAM court