নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সভাঃ সভাপতি পদত বিধায়ক ৰূপক শৰ্মা...

নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সভাঃ সভাপতি পদত বিধায়ক ৰূপক শৰ্মা...

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যখনৰ ভিতৰতে অন্যতম পুৰণি ক্ৰীড়া সংগঠন নগাঁও ক্রীড়া সংস্থাৰ সোমবাৰে বাৰ্ষিক সাধাৰণ সভাখন স্প’ৰ্টছ ক্লাব পেভিলিয়নত জ্যেষ্ঠ উপ-সভাপতি তপন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় ৷ এই সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ উপৰি আগন্তুক ৪ বছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ৷

সমিতিখনলৈ বিধায়ক ৰূপক শৰ্মা বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতিৰূপে নিৰ্বাচিত হোৱাৰ লগতে সাধাৰণ সম্পাদকৰ পদত বিশিষ্ট ক্ৰীড়া সংগঠক তপন কুমাৰ দাসে(৩৯) বৰ্তমানৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱা(১৩)ক ২৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰাৰ বিপৰীতে কোষাধ্যক্ষৰ পদত অসীম কুমাৰ ভাৱালে(৩৬) আমিনুল ইছলাম বক্সী(১৬)ক ২০টা ভোটৰ ব্যৱধানত পৰাজিত কৰে ৷ আনহাতে, পাঁচজন উপ-সভাপতিৰ পদত ক্ৰমে অভিজিৎ কুমাৰ নাথ, ডাঃ কৃষ্ণ কুমাৰ বৰা, তপন কুমাৰ শৰ্মা, প্ৰশান্ত কুমাৰ বৰা আৰু প্ৰদীপ কুমাৰ হাজৰিকা নিৰ্বাচিত হৈছে৷

নগাঁও ক্রীড়া সংস্থাৰ মনোনীত নির্বাচনী বিষয়া গুণদা কান্ত শৰ্মাই জানিবলৈ দিয়া মতে দুজন যুটীয়া সম্পাদকৰ পদত ক্ৰমে উজ্জল বৰুৱা আৰু অমিতাভ বৰা, দুজন সহকাৰী সম্পাদকৰ পদত ক্ৰমে অৰ্পণ দাস আৰু সুৰুজউদ্দিন আহমেদ নিৰ্বাচিত হয় ৷ আনহাতে ক্ৰিকেট শাখাৰ সম্পাদকৰ পদত ক্ৰমে মৃণাল কুমাৰ হাজৰিকাই শোণিত কুমাৰ বৰুৱাক ২২টা ভোটত, এথলেটিকছ শাখাৰ সম্পাদক পদত প্ৰণৱ কুমাৰ বৰদলৈয়ে অ’হিদুজ জামানক ১৮টা ভোটত, ভলীবল শাখা সম্পাদকৰ পদত প্ৰশান্ত কুমাৰ দাসে পৰশুৰাম মহেশ্বৰীক ২২টা ভোটত, বেডমিণ্টন শাখাৰ সম্পাদকৰ পদত অনিল দাসে ৰনেন্দ্ৰ মোহন পণ্ডিতক ২৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হয়৷

আনহাতে ৯জন কাৰ্যনিৰ্বাহক সদস্যৰ পদত আজহাৰউদ্দিন আহমেদ, বীৰেন কুণ্ডু, গৌৰীশংকৰ ৰয়, দেৱজ্যোতি গোস্বামী, সঞ্জয় কুমাৰ মাহাতু, তাপস ভাৱাল, হীৰকজ্যোতি বৰা, শুভ্ৰজ্যোতি শইকীয়া আৰু নিৰুপম মজুমদাৰ নিৰ্বাচিত হয়। তেনেদৰে খেলপথাৰ সম্পাদকৰ পদত দেৱজিৎ দাস, ফুটবল শাখাৰ সম্পাদকৰূপে প্ৰান্তৰ কুমাৰ ভট্টাচাৰ্য, জিমনাষ্টিকছ শাখাৰ সম্পাদকৰূপে এইছ কে এম ৰহমান, সাঁতোৰ শাখাৰ সম্পাদকৰূপে সমীৰ হাজৰিকা, টেবুল টেনিছ শাখাৰ সম্পাদকৰূপে ভৱজ্যোতি দাস, বাস্কেটবল শাখাৰ সম্পাদকৰূপে দিগন্ত বৰা, কেৰম শাখাৰ সম্পাদকৰ পদত প্ৰেম কুমাৰ দাস আৰু কাবাডী শাখাৰ সম্পাদকৰ পদত ৰজৎ বৰদলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়৷

বৰ্তমানৰ কাৰ্যবাহী সভাপতি তথা বিধায়ক ৰূপক শৰ্মাকে ধৰি সমাজ সংগঠক ব্ৰজেন কাকতি, ডাঃ মুকুট গোস্বামীকে ধৰি বিভিন্ন ক্লাবৰ পৰা ৫২গৰাকী প্ৰতিনিধি সদস্য উপস্থিত থকা সোমবাৰৰ সাধাৰণ সভাত অসম অলিম্পিক সন্থাৰ পৰা ৰাজ কাকতি আৰু ধ্ৰুৱজোতি কলিতা পৰ্যবেক্ষকৰূপে আছিল ৷ নগাঁও ক্ৰীড়া সংস্থাৰ বাৰ্ষিক আয়-ব্যয়ৰো হিচাপ দাখিল হোৱা সভাত চাৰিটা উপ ক্ৰীড়া সংস্থা আৰু নতুনকৈ আঠটা ক্লাবক স্বীকৃতি প্ৰদান কৰাৰ লগতে আন কেইবাটাও বিষয়ৰ ওপৰতো আলোচনা কৰা হয়৷

নগাঁও ক্ৰীড়া সংস্থাৰ সাধাৰণ সভাঃ সভাপতি পদত বিধায়ক ৰূপক শৰ্মা...
বুঢ়াচাপৰি অভয়াৰণ্যত বনৰক্ষীৰ গুলীত প্ৰাণ গ'ল এজনৰ; আহত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in