বুঢ়াচাপৰি অভয়াৰণ্যত বনৰক্ষীৰ গুলীত প্ৰাণ গ'ল এজনৰ; আহত...

বুঢ়াচাপৰি অভয়াৰণ্যত বনৰক্ষীৰ গুলীত প্ৰাণ গ'ল এজনৰ; আহত...

ডিজিটেল ডেস্কঃ বুঢ়াচাপৰি অভয়াৰণ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। অভয়াৰণ্যখনত অনাধিকাৰ প্ৰৱেশ কৰা লোকলৈ লক্ষ্য কৰি বনবিভাগৰ গুলীচালনা। ঘটনাত এগৰাকী মহিলা নিহত হোৱাৰ বিপৰীতে আহত হয় ৪জনকৈ লোক।

এই ঘটনাত আহতসকল হ'ল ক্ৰমে আহমদ আলী, ৰমজান আলী, ছমছেৰ আলী আৰু ফাটেমা খাতুন। আনহাতে ৰহিমা খাতুন নামৰ আন এগৰাকী গুলীবিদ্ধ মহিলাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়।

ঘটনা অনুসৰি এইসকলৰ বিৰুদ্ধে বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত পূব লাঠিমাৰীৰ উচ্ছেদিত ভূমিত বাসগৃহ বনাই পুনৰ বেদখল কৰাৰ অভিযোগ বনবিভাগৰ। সোমবাৰে উক্ত অঞ্চলত পুনৰ উচ্ছেদ চলাবলৈ যোৱাৰ প্ৰাকমুহূৰ্তত বেদখলকাৰীসকলক বনবিভাগৰ দলটোৱে বুজনি দিছিল যদিও উন্মত্ত একাংশ লোকে চিতলমাৰী বন শিবিৰত প্ৰৱেশ কৰি বনৰক্ষীক আক্ৰমণ কৰাৰ লগতে শিবিৰটো লণ্ড-ভণ্ড কৰে।

দলটোৰ আক্ৰমণত আব্দুল ৱাহিদকে ধৰি কেইবাজনো বনকৰ্মী আহত হোৱাৰ লগতে জিলা বনবিষয়া জয়ন্ত ডেকাও আহত হয়। যাৰ বাবে বনৰক্ষীয়ে শূণ্যলৈ গুলী ফুটাই দলটোক চত্ৰ-ভংগ দিয়াবলৈ চেষ্টা চলায়। পিছে বেদখলকাৰীসকলে পুনৰ বনৰক্ষীসকলক আক্ৰমণ কৰাত উপায়ন্তৰ হৈ বনৰক্ষী দলটোৱে আত্মৰক্ষাৰ বাবে গুলী চলাবলৈ বাধ্য হয়।

ইফালে বন বিভাগৰ এই ভাষ্যৰ বিপৰীতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলতেই ওখ ঠাই বিচাৰি বনভূমিত আশ্ৰয় লোৱা বুলিহে মন্তব্য কৰে অভিযুক্তসকলে।

বুঢ়াচাপৰি অভয়াৰণ্যত বনৰক্ষীৰ গুলীত প্ৰাণ গ'ল এজনৰ; আহত...
ভিউজ নে ভগৱান?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in