/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/637dff9e-0aba-4e53-9c54-611b24bb016b/AP_FOR_WEB_south_af_vs_aus.jpg)
ডিজিটেল ডেস্ক : বিশ্বকাপ২৩ৰ আৰম্ভণিতে ভাৰতৰ বিৰুদ্ধে মুখ থেকেচা খাই চিন্তিত অষ্ট্ৰেলিয়া ক্ৰিকেট দল। তাচপাতৰ দৰে খহিছিল দলৰ বেটিং লাইন। ভাৰতৰ বলিং আক্ৰমণত দিশহাৰা হৈছিল অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলৰ দম্ভ-অহংকাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6bb4d154-2d1b-41e9-b61e-558813e8b111/Cummins_World_Cup.jpg)
সম্প্ৰতি চিন্তিত কেংগাৰু বাহিনী। ভাৰতৰ প্ৰায় সংখ্যক পিটছে স্পীন বান্ধৱ। স্পীন বলৰ প্ৰতি অষ্ট্ৰেলিয়ান বেটাৰৰ আছে দুৰ্বলতা। তাতে আজি শক্তিশালী দক্ষিণ আফ্ৰিকাৰে অনুষ্ঠিত হ'ব এখন গুৰুত্বপূৰ্ণ মেচ।
লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আজিৰ এই মেচখন। আনবোৰ পিটছৰ দৰে একনাৰ উইকেটো স্পীন সহায়ক হ'ব। মেচখনত পেট কামিন্স নেতৃত্বাধীন কেংগাৰু বাহিনীয়ে যিকোনো প্ৰকাৰে বিজয় নিশ্চিত কৰিব লাগিবই। নহ'লে বিশ্ব জয়ৰ অভিযান কলিতে মৰহি যাওতে সময় নালাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/1ea90470-4541-480d-aa50-5bd8075ce84b/South_Africa_team.jpg)
ইফালে অষ্ট্ৰেলিয়া বধৰ আখৰাত ব্যস্ত টেম্ব বাভুমাৰ দল দক্ষিণ আফ্ৰিকা। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশেষ ৰণনীতি প্ৰস্তুত কৰিছে দলটোই। বিগত মেচখনত ৪শতাধিক ৰাণ সংগ্ৰহ কৰি আত্মবিশ্বাসী দক্ষিণ আফ্ৰিকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/21bfa691-103a-4aa7-9ebb-9bfe149d7af9/2455.webp)
শ্ৰীলংকাৰে হোৱা মেচখনত দলৰ ৩গৰাকীকৈ বেটাৰে কৰিছিল শতৰাণ। সম্প্ৰতি সুন্দৰ ফৰ্মত দক্ষিণ আফ্ৰিকা দলটোৰ গৰিষ্ঠ সংখ্যক খেলুৱৈ। কুইণ্টন ডি' ক'ক এডেইন মাৰ্কৰাম, ক্লাছেন, ডেভিড মিলাৰ, আদিৰে গঠিত বেটিং লাইন দলটোৰ বেচ শক্তিশালী। স্পীন চম্ভালিব কেশৱ মহাৰাজে। ইফালে ৱাৰ্ণাৰ,স্মীথ,গ্ৰীণ আদিয়ে অষ্ট্ৰেলিয়াৰ বেটিং চম্ভালিব। মুঠৰ ওপৰত আজিৰ এই মেচখনত দৰ্শকে পাব অনন্য সোৱাদ। এখন হাইভ'ল্টেজ মেচ প্ৰত্যক্ষ কৰাৰ বাবে সাজু হৈ উঠিছে ক্ৰিকেট অনুৰাগী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ca279206-f528-4bc0-9f13-b99f4fd9db6a/Quinton_de_Kock_has_announced_his_retirement_from_ODIs.jpg)
উল্লেখযোগ্য যে বিশ্বকাপ এদিনীয়া ক্ৰিকেটত বৰ্তমানলৈকে দুয়ো দলৰ মাজত ৬খন মেচ অনুষ্ঠিত হৈছিল। ইয়াৰে ৩খনত অষ্ট্ৰেলিয়া আৰু ২খনত দক্ষিণ আফ্ৰিকা জয়ী হৈছিল। আনখন মেচ অমিমাংসিত হিচাপে সমাপ্ত হৈছিল। পৰিসংখ্যাৰ দিশৰ পৰা যদিও অষ্ট্ৰেলিয়া আগবাঢ়ি আছে;আজিৰ মেচখনে ইয়াৰ গতি সলাব বুলি একাংশই মত প্ৰকাশ কৰিছে।
Also Read: দিল্লী-কামাখ্যামুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ লাইনচ্যুত : ৪ জন লোক নিহত,অৰ্ধশতাধিক আহত