কঠীয়াতলীত ৰাষ্ট্ৰীয় ঘাইপথৰ কামত অসন্তুষ্ট ৰাইজঃ নৱ নিৰ্মিত পদপথত সোমাল ট্ৰাক

কঠীয়াতলীত ৰাষ্ট্ৰীয় ঘাইপথৰ কামত অসন্তুষ্ট ৰাইজঃ নৱ নিৰ্মিত পদপথত সোমাল ট্ৰাক

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত ৰাষ্ট্ৰীয় ঘাইপথৰ কামত অসন্তুষ্ট ৰাইজঃ নৱ নিৰ্মিত পদপথত সোমাল ট্ৰাক

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ কঠীয়াতলীত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথৰ নিম্ন মানৰ কামত অসন্তুষ্টি প্ৰকাশ কৰিছে কঠীয়াতলীবাসী ৰাইজে। কঠীয়াতলীৰ মাজভাগত পথৰ কাষত নৱনিৰ্মিত পদপথ ভাঙি এখন ট্ৰাক সোমাই পৰাত পথ নিৰ্মাণৰ কামলৈ চৰ্চা চলে স্থানীয় ৰাইজৰ মাজত। উক্ত গাড়ীখনৰ নম্বৰ হৈছে এ এছ ২৬ চি ৯১২৮। ৰাষ্ট্ৰীয় ঘাইপথৰ এই নিম্ন মানৰ কামত ক্ষুব্ধ হৈ পৰে সচেতন ৰাইজ।

Advertisment

এই ঘটনাৰ পিছতেই উত্তেজিত ৰাইজে কামত নিয়োজিত ঠিকাদাৰক তীব্ৰ প্ৰশ্নবান কৰে। ইপিনে ঠিকাদাৰে নক্সা অনুসৰি কাম হোৱা বুলি মন্তব্য কৰি দায় সৰাৰ চেষ্টা কৰে। মাত্ৰ কেইডালমান ৰ'ডৰ লগত বাহৰ কামি ব্যৱহাৰ কৰি পালমৰা কাম কৰাৰ লগতে ধন লুণ্ঠন কৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে।

এই ঘটনাই ঠিকাদাৰসকলে কেনেদৰে অতি নিম্ন মানৰ কাম কৰিছে তাকেই প্ৰমাণ কৰিছে বুলি দাবী কৰে স্থানীয়লোকে। উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীয়ে পথ নিৰ্মাণ কাৰ্যৰ ওপৰত নজৰ দিবলৈ দাবী জনাইছে স্থানীয়ৰাইজে। আনহাতে আশ্বৰ্যজনক ভাবে পদপথ ভঙাৰ বাবে ঠিকাদাৰে ট্ৰাক ড্ৰাইভাৰক ১৫হাজাৰ টকাৰ ক্ষতিপূৰণ বিচৰাত উত্তেজিত হৈ পৰে উপস্থিতলোক। যাৰ বাবে ঠিকাদাৰসকলে পলায়ণ কৰিব লগীয়া হয়।

Also Read: ঘোষণা হ'ল 'এনাজৰী'ৰ অসম ভিত্তিক চিত্রাংকণ প্রতিযোগিতাৰ ফলাফল

assam pwd