ঘোষণা হ'ল 'এনাজৰী'ৰ অসম ভিত্তিক চিত্রাংকণ প্রতিযোগিতাৰ ফলাফল

''এনাজৰী"ৰ অসম ভিত্তিক চিত্রাংকণ প্রতিযোগিতাৰ ফলাফল ঘোষণা। প্ৰথম স্থানত পোহৰ প্ৰগলভ বৰুৱা, দ্বিতীয় স্থানত জ্যোতিৰাজ কলিতা, তৃতীয় স্থানত হৃদিপ দাস...
ঘোষণা হ'ল 'এনাজৰী'ৰ অসম ভিত্তিক চিত্রাংকণ প্রতিযোগিতাৰ ফলাফল

ডিজিটেল সংবাদ, গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা এনাজৰী উদ্যোগত সদৌ অসম ভিত্তিত অনুষ্ঠিত চিত্রাঙ্কণ প্রতিযোগিতাৰ ফলাফলসমূহ সংস্থাৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সাধাৰণ সম্পাদক অলকেশ ৰঞ্জন ভট্টাচাৰ্যই শনিবাৰে এক গ্রেছ বিজ্ঞপ্তি যোগে ঘোষণা কৰে। ঘোষিত ফলাফল অনুসৰি প্ৰথম স্থান লাভ কৰিছে তেজপুৰৰ ডনবস্ক' হাইস্কুলৰ সপ্তম শ্রেণীৰ ছাত্ৰ পোহৰ প্ৰগলভ বৰুৱাই।

আনহাতে দ্বিতীয় স্থান লাভ কৰিছে দিল্লী পাব্লিক স্কুল, ক্ষুদ্ৰপলহাৰ প্ৰথম শ্ৰেণী ছাত্র জ্যোতিৰাজ কলিতাই। ইয়াৰ বিপৰীতে তৃতীয় স্থান লাভ কৰিছে বৰপেটাৰ অসম কেশৰী জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ হৃদিপ দাসে। চতুর্থ স্থান লাভ কৰিছে গুৱাহাটীৰ নৰ্থ-ইষ্ট পাব্লিক স্কুলৰ সপ্তম শ্রেণীৰ ছাত্র নিশান্ত শর্মাই।

পঞ্চম স্থান লাভ কৰিছে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ দোকমোকালি গোস্বামী আৰু গোৱালপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ নিদর্শনা নাথে। ষষ্ঠ স্থানত আছে শিৱসাগৰৰ চেইণ্ট পিটাৰ স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্র বৈদুৰ্য্য বুঢ়াগোহাঁই। দেৰগাঁও জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ঋদ্বিপ্ৰাণ বৰাই সপ্তমস্থান লাভ কৰাৰ সমান্তৰালকৈ অষ্টম স্থান লাভ কৰিছে শিৱসাগৰৰ হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ভাৰ্গৱ বুঢ়াগোহাঁই আৰু পূব মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ গুণজিৎ চহৰীয়াই।

একেদৰে ধিঙৰ খ্ৰাইষ্ট জ্যোতি স্কুলৰ ষষ্ঠ শ্ৰেণীৰ হৰ্ষিতা কলিতা আৰু শিৱসাগৰৰ বকতা পাৰিজাত মধ্য ইংৰাজী বিদ্যালয়ৰ অনিন্দিতা নাথে নৱম স্থান লাভ কৰিছে। দশম স্থান লাভ কৰিছে গুৱাহাটী পাব্লিক স্কুলৰ ৰাগিনী গগৈয়ে। আনহাতে বিচাৰক বিশেষ পুৰস্কাৰ লাভ কৰিছে তেজপুৰৰ চেইণ্ট যোচেফ কনভেণ্ট স্কুলৰ চতুৰ্থ শ্ৰেণীৰ শিৱাস্তুতি ডেকা, লখিমপুৰৰ শংকৰদেৱ জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ জিষ্ণুপ্রিয়া ভূঞা, হাজোৰ আৰিয়ান ইন্টাৰনেশনেল স্কুলৰ পঞ্চম শ্ৰেণীৰ আছিফ ইকবাল, গোলাঘাটৰ সত্য সাই বিদ্যা বিহাৰৰ সপ্তম শ্ৰেণীৰ অয়নজ্যোতি কৌশিক আৰু সৰুপেটাৰ মৰ্ণিং গ্লোৰি স্কুলৰ ইউ কেজিৰ অনন্যা ভৰদ্বাজে।

উল্লেখযোগ্য যে অসম ভিত্তিক আয়োজিত এই প্রতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ ৩৮৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল। ছবিৰ লগত সঠিকভাবে নাম, ফোন নম্বৰ সংলগ্ন নোহোৱাৰ বাবে আৰু নিৰ্ধাৰিত বিষয়বস্তুৰ লগত সামাঞ্জস্য নথকাৰ বাবে ৬৮৪ খন ছবি প্ৰতিযোগিতাৰ আওঁতালৈ নাহিল বুলি উল্লেখ কৰি এনাজৰীৰ বিবৃতিটোত সদৰি কৰা মতে অহা ১৫ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্রেক্ষাগৃহত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব।

ঘোষণা হ'ল 'এনাজৰী'ৰ অসম ভিত্তিক চিত্রাংকণ প্রতিযোগিতাৰ ফলাফল
শিলচৰৰ NITত নিশা উত্তপ্ত পৰিস্থিতিঃ শিক্ষাৰ্থীৰ প্ৰহাৰত আহত আৰক্ষী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in