/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/b2df5f1d-f850-4123-8aab-20b7c108a3da/ap_for_web_copy.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ জিলাৰ সংবাদকৰ্মীসকলৰ অন্যতম মঞ্চ চৰাইদেউ প্ৰেছ ক্লাবৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি শনিবাৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে প্ৰেছ ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাই আৰু স্মৃতি তৰ্পণ কৰে সম্পাদক প্ৰণৱ বৰগোঁহায়ে। ইয়াৰ পাছত গছপুলি বিতৰণ কৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ড° গীতিমণি হাতীকাকতিয়ে।
দুপৰীয়া সাংবাদিকৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা অন্তৰংগ আলাপ অনুষ্ঠান সঞ্চালনা কৰে প্ৰণৱজ্যোতি দত্তই। ইয়াত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে সাংবাদিক জয়জ্যোতি গগৈ, আলিম আহমেদ আৰু লু- চ্যুন শ্যাম গোহাঁয়ে। অন্তৰংগ অনুষ্ঠানত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ দুপৰীয়া ক্লাবৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয় ৷
চৰাইদেউ জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে সভাৰ উদ্বোধন কৰি কয় যে, সংবাদ সেৱা বৃত্তিটো বৰ্তমান টিআৰপি কেন্দ্ৰীক হৈ পৰিছে। এই টিআৰপিৰ স্থিতি ক্ষন্তেকীয়া। এনে প্ৰেক্ষাপটত সাংবাদিকসকলে টিআৰপিৰ প্ৰতিযোগিতা নকৰি অনুসন্ধান মূলক সংবাদ সেৱাত মনোনিবেশ কৰা উচিত। সভাত আছুৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক প্ৰশান্ত দত্ত আৰু অনাতাঁৰ শিল্পী সুশীল লাহনে বিশিষ্ট অতিথি হিচাপে বক্তব্য আগবঢ়োৱাৰ লগতে শিল্পী লাহনে গছৰ পাতৰে সুহুৰি বজাই দুটি গীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।
সভাখনিত শিক্ষক দীপাংকৰ চেতিয়া অৱসৰপ্ৰাপ্ত শিক্ষক নিৰোদ বৰঠাকুৰ, সাংবাদিক মৃত্যুঞ্জয় দাস, দুষ্যন্ত কুমাৰ নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে সভাখনিৰ আৰম্ভণিতে উপদেষ্টা আলিম আহমেদে প্ৰতিষ্ঠা দিৱস উপলক্ষত এটা কেক কটাৰ লগতে বৃহত্তৰ মথুৰাপুৰ অঞ্চলত দীৰ্ঘদিন ধৰি বাতৰি কাকত যোগান ধৰি অহা দুগৰাকী হকাৰ ক্ৰমে আছিমূল হুছেইন আৰু আনন্দ গোহাঁইক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়।
চৰাইদেউ প্ৰেছ ক্লাবৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি ক্লাবৰ তৰফৰ পৰা ২০গৰাকী শিক্ষাৰ্থীৰ মাজত স্কুলবেগ বিতৰণ কৰে ৷ সভাত সাংবাদিক বিপিন হাজৰিকাই সংবাদ সেৱা বৃত্তিৰ ওপৰত এটা স্বৰচিত কবিতা আবৃত্তি কৰে। উল্লেখ্য সভাৰ পূৰ্বে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিবেশন কৰে ৷