নগাঁও ছোৱালী কলেজত সাহিত্যক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকীত বক্তৃতানুষ্ঠান

নগাঁও ছোৱালী কলেজত হিতেশ ডেকাৰ জন্মশতবাৰ্ষিকীৰ বক্তৃতানুষ্ঠানত ড° জ্যোতিৰেখা হাজৰিকা। “জাতি-মাটি-ভেটিৰ অধিকাৰৰ বিষয়ে সকীয়াই দিয়া আচল মানুহ আছিল হিতেশ ডেকা “
নগাঁও ছোৱালী কলেজত সাহিত্যক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকীত বক্তৃতানুষ্ঠান

ডিজিটেল সংবাদ, নগাঁওঃ 'জাতি-মাটি-ভেটিৰ অধিকাৰৰ বিষয়ে কথা-সাহিত্যৰ মাজেৰে অসমৰ সহজ-সৰল মানুহক সকীয়াই দিয়া এজন আচল মানুহ আছিল হিতেশ ডেকা। নিজ দেশ, নিজ মানুহ, ওপজা মাটি, জাতি-ভাষা-সংস্কৃতিৰ উপাসক হিতেশ ডেকাৰ উপন্যাসৰাজিৰ মাজত স্বৰাজোত্তৰ কালৰ অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু ব্যক্তিমানসৰ বাস্তৱ প্ৰতিফলন ঘটিছে।

বিশেষকৈ পঞ্চাশৰ দশকৰ পৰা সত্তৰৰ দশকৰ সময়ছোৱাত সংঘটিত চীন-ভাৰত যুদ্ধ, পাক-ভাৰত যুদ্ধ, অসমৰ ভাষা আন্দোলন আদি ৰাজনৈতিক, ভাষিক ঘটনাৰ সাক্ষ্য বহন কৰাৰ লগতে অসমৰ আৰ্থিক অসমতাই জুৰুলা কৰা শ্ৰেণীৰ মনোবেদনা, এচাম মানুহৰ নৈতিক অৱক্ষয় আৰু প্ৰেমক পণ্যলৈ ৰূপান্তৰিত কৰাৰ অদমনীয় হেঁপাহ ঔপন্যাসিক ডেকাই 'আজিৰ মানুহ', 'আচল মানুহ', 'বৈৰী মানুহ', 'ইতিহাসে সকীয়ায়', 'মাটি কাৰ' আদি উপন্যাসৰ মাজেৰে লুক-ঢাক নকৰাকৈ, সাহসেৰে উপস্থাপন কৰিছে।' - এই বক্তব্য লেখিকা ড° জ্যোতিৰেখা হাজৰিকাৰ।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া সাহিত্যৰ জনপ্ৰিয় ঔপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বুধবাৰে নগাঁও ছোৱালী কলেজৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু গুৱাহাটীস্থিত প্ৰকাশন গোষ্ঠী চন্দ্ৰপ্ৰকাশৰ সহযোগত অনুষ্ঠিত বক্তৃতানুষ্ঠানত যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা, বিশিষ্ট লেখিকা ড° জ্যোতিৰেখা হাজৰিকাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি উল্লিখিত বক্তব্য আগবঢ়ায় ৷ নগাঁও ছোৱালী কলেজৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাসে উদ্বোধন কৰা তথা কলেজখনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° বিশ্বজিৎ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে "আজিৰ মানুহ, আচল মানুহ, এয়েতো জীৱন, ভাৰাঘৰ" আদি অনেক গ্ৰন্থৰ স্ৰষ্টা ড° হিতেশ ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে ৰামধেনু যুগৰ খ্যাতনামা কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ প্ৰাক্তন অধ্যাপক ড° উমেশ ডেকাই ৷

শিল্পী বৰ্ণালী গোস্বামীয়ে পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট গৱেষক ড° কুসুম্বৰ বৰুৱা মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি হিতেশ ডেকাৰ উপন্যাসৰ গ্ৰাম্য বাস্তৱতা, বহুমাত্ৰিক চেতনাই বৌদ্ধিক মহলক আকৰ্ষিত কৰি থকাৰ লগতে হেৰাই যোৱা গ্ৰাম্য জীৱনৰ সৰলতা আৰু পৰম্পৰাৰ নিৰ্ভেজাল স্বৰূপ তেওঁৰ উপন্যাসৰ সাৰবস্তু বুলি বক্তব্যত প্ৰকাশ কৰে ৷ নগাঁও ছোৱালী কলেজৰ অসমীয়া বিভাগৰ অধ্যাপিকা তথা অনুষ্ঠানৰ আহ্বায়িকা ড° অমিয়া পাতৰে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সঁচা কথা বীৰৰ দৰে কৈ যাব পৰাটো হিতেশ ডেকাই দি গ’ল বুলি উল্লেখ কৰাৰ লগতে বন্ধ কোঠালিত থাকি সাহিত্য সৃষ্টি কৰা সাহিত্যিক হিতেশ ডেকা নাছিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

উল্লেখ্য যে এই অনুষ্ঠানতে অধ্যাপিকা ড° জ্যোতিৰেখা হাজৰিকাৰ 'অসমীয়া কবিতা ভিন্ন প্ৰসংগ ভিন্ন দিশ’ শীৰ্ষক গ্ৰন্থখন কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই উন্মোচন কৰে ৷ গাম্ভীৰ্যপূৰ্ণ বক্তৃতানটিত ৰঙাপাৰা কলেজৰ প্ৰাক্তন উপাধ্যক্ষ ড° ৰমেন ডেকাৰ উপৰি বিভিন্নখন কলেজৰ পৰা অহা ড° জয়ন্ত দাস, ড° চিত্ৰৰঞ্জন নাথ, ড° অৰুণ বৰা, ড° ভদ্ৰ বৰা,ড° বিজয় শৰ্মা, ড° নিৰ্মালি বৰা, ড° বিপিন কলিতা, ড° অজিত শৰ্মাৰ উপৰি নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা, অধ্যাপক ড° বিপুল মালাকাৰ, বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়া প্ৰমুখ্যে শতাধিক লোক উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ড° উমেশ ডেকাই পিতৃ হিতেশ ডেকাৰ প্ৰতি যি আগ্ৰহ, হেঁপাহ, আন্তৰিকতাৰে এই মহান কৰ্মযজ্ঞৰ প্ৰতি নগাঁও ছোৱালী কলেজৰ অসমীয়া বিভাগৰ উপৰি কলেজখনৰ অধ্যক্ষ সমন্বিতে শিক্ষাগুৰুসকলৰ লগতে চন্দ্ৰপ্ৰকাশে আগবাঢ়ি আহিল তাৰ বাবে পৰিয়ালৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱাৰ পিছতে অসমীয়া বিভাগৰ অধ্যাপিকা মৰমী গায়নৰ শলাগৰ শৰাইৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটে ৷

নগাঁও ছোৱালী কলেজত সাহিত্যক হিতেশ ডেকাৰ জন্ম শতবাৰ্ষিকীত বক্তৃতানুষ্ঠান
শান্ত হোৱা নাই মণিপুৰঃ হিংসাত্মক ঘটনাত আৰু এজনৰ প্ৰাণহানি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in