শান্ত হোৱা নাই মণিপুৰঃ হিংসাত্মক ঘটনাত আৰু এজনৰ প্ৰাণহানি

শান্ত হোৱা নাই মণিপুৰঃ হিংসাত্মক ঘটনাত আৰু এজনৰ প্ৰাণহানি

ডিজিটেল ডেস্কঃ মঙলবাৰে মণিপুৰৰ খোইৰেণ্টাক গাঁৱত পুনৰ সৃষ্টি হিংসাত্মক পৰিস্থিতিৰ। যি ঘটনাৰ ফলত নিহত হয় এজন লোক। ঘটনাৰ বিৱৰণ অনুসৰি, কোনো দুৰ্বৃত্তই পুৱা প্ৰায় ১০ বজাত কুকি-জো গাঁৱৰ লোকৰ ওপৰত আক্ৰমণ চলাইছিল। প্ৰচণ্ড গুলীচালনাৰে আক্ৰমণ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে গাঁৱৰ স্বেচ্ছাসেৱকসকলে প্ৰতিশোধ লোৱাৰ ফলত ৩০বছৰীয়া জাংমিনলুন গাংটে নামৰ এজন লোকে মৃত্যুক আঁকোৱালি লয়।

ইফালে, বিভিন্ন সংগঠনৰ ৪জন উগ্ৰপন্থীক পৃথক অভিযানত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উগ্ৰপন্থী কেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো জব্দ কৰে। এই ৪উগ্ৰপন্থীক এনএছচিএন (আইএম) আৰু পিপলছ লিবাৰেচন আৰ্মীৰ বিদ্ৰোহী আৰু ইম্ফল পূব আৰু বিষ্ণুপুৰ জিলাৰ কাংলেইপাক কমিউনিষ্ট পাৰ্টিৰ ২জন অভাৰগ্ৰাউণ্ড কৰ্মী বুলি চিনাক্ত কৰিছে।

উল্লেখ্য যে, ৫খন উপত্যকা জিলাৰ প্ৰান্তীয় আৰু দুৰ্গম অঞ্চলত নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হয় লোককেইজনক। আনহাতে ২৭ আগষ্টৰ দিনটোতো মণিপুৰৰ ৰাজধানী ইম্ফলত দেখিবলৈ পোৱা গৈছিল হিংসাত্মক পৰিস্থিতিৰ। নিউ লাম্বুলেন এলেকাত অচিনাক্ত লোকে ৩টা ঘৰ জ্বলাই দিয়াৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

শান্ত হোৱা নাই মণিপুৰঃ হিংসাত্মক ঘটনাত আৰু এজনৰ প্ৰাণহানি
নীলাচল উৰণ সেতু উদ্বোধন কৰি কি ক'লে মুখ্যমন্ত্রীয়ে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in