ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত হিলদল ভাঙি জনতা

ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত হিলদল ভাঙি জনতা

ডিজিটেল সংবাদ,নগাঁও : ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী কাপ ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে চূড়ান্ত খেল ৷ চূড়ান্ত প্ৰতিযোগিতাত তীব্ৰ প্ৰতিদন্দীতা আগবঢ়াই বামুনী ঠেংটম ক্লাব আৰু ৯ এ পি বি এন বঢ়মপুৰ ফুটবল দলে ৷ ঐতিহাসিক উৰিয়াগাঁও খেলপথাৰত চূড়ান্ত খেলখনি উপভোগ কৰিবলৈ হিলদল ভাঙি ক্ৰীড়া প্ৰেমী ৰাইজ ওলাই অহাটো এক ইতিবাচক দিশ ৷

২৫ বছৰৰ মূৰত ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী কাপ ফুটবল প্ৰতিযোগিতাখনি প্ৰত্যক্ষ কৰিবলৈ পুৰুষ মহিলা সমন্বিতে অগনন ক্ৰীয়া প্ৰেমী লোক সমবেত হৈ নষ্টালজিক হৈ পৰে ৷ উৰিয়াগাঁও খেলপথাৰখনি ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণে কাঢ়ি লোৱাৰ পিছত স্থানীয় লোক , বিভিন্ন সংগঠনৰ ঐক্যান্তিক প্ৰচেষ্টাত হোৱা প্ৰতিবাদৰ অন্তত পুনৰ প্ৰান চঞ্চলা হৈ উঠিছে উৰিয়াগাঁও ঐতিহাসিক খেলপথাৰখনে ৷

বিয়লি চূড়ান্ত ফুটবল প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে ৰাজ্যৰ নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে ৷ কেবিনেট মন্ত্ৰী সিংঘালে উৰিয়াগাঁৱৰ ৰাইজক ধন্যবাদ জনাই কয় যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনৰ বিৰুদ্ধে যুঁজ দি উৰিয়াগাঁও খেলপথাৰখন পুনৰ ক্ৰীড়াঙ্গন কৰি ত লাৰ বাবে সকলোকে ধন্যবাদ জনাইছো ৷ এই খেলপথাৰখনি জাকত জিলিকা খেলপথাৰ হৈ পৰিছে ৷ মিনি ষ্টেডিয়াম নহয় মাল্টি পাৰপাছ ষ্টেডিয়াম হিচাপে উৰিয়াগাঁও খেলপথাৰখনি খনি গঢ়ি তুলিবলৈ মই মুখ্যমন্ত্ৰীৰ ওচৰত ৰাইজৰ হৈ অনুৰোধ জনাম ৷ লগতে মন্ত্ৰী অশোক সিংঘালে নগাঁৱৰ মাষ্টাৰ প্লেনত উৰিয়াগাঁও খেলপথাৰখনি অন্তৰভূক্ত কৰা হ'ব বুলি ঘোষনা কৰে ৷

সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ৰ ৰূপক শৰ্মা উপস্হিত থাকি উৰিয়াগাঁও খেলপথাৰৰ গৌৰবময় ইতিহাসৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায় ৷ উদ্ধোধনী অনুস্হানত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত , ক্ৰীড়া সংগঠক তপন দাস , অমিতাভ বৰা , অসীম ভাৱাল , আৰক্ষী অধীক্ষক নবনীত মহন্ত , সুৰেশ বৰা , পীতাম্বৰ শইকীয়া ,ৰূপৰাম হাজৰিকা , কমলেশ শইকীয়া , সোন্তি হাজৰিকা , প্ৰবোধ কুমাৰ বৰা , নাৰায়ন চন্দ্ৰ বনিয়া , মিনু বনিয়া , পূৰ্ণ বনিয়া , গোবিন বনিয়া , দিগন্ত দাস , গীতাৰ্থ শইকীয়া , দেবাৰ্শীষ দাস আদি উপস্থিত থাকে ৷ ইয়াতে উদিয়মান খেলুৱৈ পাঁহি কেওঁট আৰু ৰাজু দৈমাৰীক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰ পূৰ্বে উৰিয়াগাঁও উন্নয়ন সমিতিৰ জ্ঞাত অজ্ঞাত সক্ৰিয় কৰ্মী সকলক ৰাজহুৱা শ্ৰদ্ধা নিবেদন কৰা হয় ৷ শ্ৰদ্ধাঞ্জলী প্ৰদান কৰি ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই উৰিয়াগাঁও খেলপথাৰৰ সোনালী ইতিহাসক শ্ৰদ্ধাৰে সোঁবৰণ কৰে ৷ লগতে ঐতিহাসিক উৰিয়াগাঁৱৰ বিষয়ে অবলোকন কৰে ৷

ইতিহাস প্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা সোঁৱৰণী কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত হিলদল ভাঙি জনতা
পলায়নৰ চেষ্টা কৰোতেই এনকাউণ্টাৰ মন্দিৰ জ্বলাই দিয়া ঘটনাৰ অভিযুক্তক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in