পলায়নৰ চেষ্টা কৰোতেই এনকাউণ্টাৰ মন্দিৰ জ্বলাই দিয়া ঘটনাৰ অভিযুক্তক

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। দেওবাৰে আৰক্ষীৰ এনকাউণ্টাৰত আহত দুৰ্ধৰ্ষ অপৰাধী। কৰিমগঞ্জৰ ৰাতাবাৰীত এই এনকাউণ্টাৰৰ ঘটনা।

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। দেওবাৰে আৰক্ষীৰ এনকাউণ্টাৰত আহত দুৰ্ধৰ্ষ অপৰাধী। কৰিমগঞ্জৰ ৰাতাবাৰীত এই এনকাউণ্টাৰৰ ঘটনা।

Advertisment

আহত অপৰাধীটোৰ নাম আনোয়াৰ আলী। দামছৰা ত্রিপুৰাপুঞ্জিৰ প্রাচীন মন্দিৰ জ্বলাই দিয়া ঘটনাৰ অভিযুক্ত আছিল আনোয়াৰ। আনোয়াৰক লৈ আগ্নেয়াস্ত্র উদ্ধাৰত গৈছিল আৰক্ষীৰ দল।

আনোয়াৰৰ ঘৰৰ পৰা উদ্ধাৰ হস্তনিৰ্মিত বন্দুকসহ চোকা অস্ত্র। উভতাৰ পথত আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰোতেই এনকাউণ্টাৰ। আহত আনোয়াৰক ৰামকৃষ্ণনগৰ প্রাথমিক চিকিৎসালয়ত ভৰ্তি।

Also Read: অসমীয়া সাজ পৰিধান কৰি বটদ্ৰৱা থানত মহাৰাষ্ট্ৰৰ এদল যুৱতী

Assam police