বাৰ বছৰীয়া হ’ল নগাঁও ইলেক্ট্ৰনিক মেডিয়া এচ’ছিয়েশ্বন...

বাৰ বছৰীয়া হ’ল নগাঁও ইলেক্ট্ৰনিক মেডিয়া এচ’ছিয়েশ্বন...

ডিজিটেল সংবাদ, নগাঁও : বাৰ বছৰীয়া হ’ল নগাঁৱৰ ইলেক্ট্ৰনিক মেডিয়া এচ’ছিয়েশ্বন ৷ নগাঁৱৰ সংবাদসেৱাৰ ক্ষেত্ৰত বিশেষ অৰিহনা আগবঢ়াই অহা সংগঠনটোৰ প্ৰতিস্থা দিৱসটি আমোলাপট্টিস্থিত কাৰ্যালয়ত সোমবাৰে উদযাপন কৰা হয় ৷ পুৱা পতাকা উত্তোলনেৰে প্ৰতিস্থা দিৱসৰ কাৰ্যসূচী পালন কৰা হয় ৷ পতাকা উত্তোলন কৰে সভাপতি বিৰেন বৰাই৷

প্ৰতিস্থা দিৱসৰ লগত সংগতি ৰাখি সংগঠনটিয়ে বিভিন্ন স্থানত বৃক্ষ ৰোপণ কৰে ৷ ১ নং আমোলাপট্টি প্ৰাথমিক বিদ্যালয় চৌহদত প্ৰথমে বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ পিছতে নগাঁও ডচন স্কুলৰ চৌহদত বৃক্ষ ৰোপণ কৰা হয় ৷ ইয়াৰ বাহিৰেও চহৰখনৰ একাধিক পথৰ দাঁতিত বৃক্ষৰোপন কৰে সাংবাদিক সংগঠনটোয়ে ৷

বাৰ বছৰীয়া হ’ল নগাঁও ইলেক্ট্ৰনিক মেডিয়া এচ’ছিয়েশ্বন...
প্লাষ্টিক বৰ্জনৰ শ্ল'গানেৰে নগাঁৱৰ ঠায়ে ঠায়ে পালন বিশ্ব পৰিৱেশ দিৱস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in