নগাঁও জিলা প্ৰশাসনে দাহন কৰিলে ৬ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ...

বঢ়মপুৰত জিলা প্ৰশাসনৰ প্ৰায় ৬ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ দাহন তথা বিনষ্টকৰণ কাৰ্যসূচী...

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা প্ৰশাসনে দাহন কৰিলে ৬ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ...

ডিজিটেল সংবাদ, বঢ়মপুৰ : আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস। ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে বঢ়মপুৰৰ নিৰ্মীয়মান ঠগী সুত ক্ৰীড়া প্ৰকল্পৰ প্ৰাংগণত নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা জব্দকৃত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যসমূহৰ দাহন তথা বিনষ্টকৰণ কাৰ্যসূচী হাতত লয় নগাঁও জিলাৰ প্ৰশাসনৰ লগতে আৰক্ষীৰ ড্ৰাগছ নিৰ্মূলকৰণ সমিতিয়ে।

Advertisment

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ২০২১ বৰ্ষত এই খেলপথাৰখনতে প্ৰায় ডেৰ লাখ কোটি টকাৰ নিচাযুক্ত দ্ৰব্যৰ দাহন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছৰে পৰা দীৰ্ঘদিন ধৰি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ থানাসমূহে অভিযান চলাই উদ্ধাৰ কৰা নিচাযুক্ত সামগ্ৰীসমূহ একগোট কৰি আজি নগাঁও জিলা আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ লোকৰ উপস্থিতিত নিচাজাতীয় দ্ৰব্যসমূহ দাহন কৰে।

দাহন কৰা নিচাযুক্ত দ্ৰব্য সমূহৰ পৰিমাণ হ'ল হিৰ'ইন ২ কেজি ৩০০ গ্ৰাম, গাঞ্জা ২০১ কেজি, ১১৬৫ টা ক'ফ চিৰাপ আৰু ১৮০০ নিচাযুক্ত টেবলেট । দাহন কৰা ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্য খিনিৰ মূল্য আনুমানিক ৬ কোটি ৩৪ লাখ ৬৫০ টকা হ'ব বুলি জানিব পৰা গৈছে ।

Also Read: শিক্ষামন্ত্ৰীৰ হোৱা নাছিল ভুল, আৰু এইবোৰ চৰকাৰী স্কুল...

Assam police GOVT OF ASSAM