
বুজাত ভুল হৈছিল! সন্মানীয় শিক্ষামন্ত্ৰীয়ে যি অৰ্থত কথাখিনি কৈছিল সেই অৰ্থ বুজাত বহুতৰে ভুল হ'ল। শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে শিক্ষকৰ সন্মুখতেই একাংশ শিক্ষকক লৈ কৰা মন্তব্য মিছা বুলি কোনোৱে কোৱা নাছিল।
সমালোচনা হৈছিল তেখেতে ব্যৱহাৰ কৰা এটা শব্দক লৈ। যিটো শব্দ শিক্ষকক তাচ্ছিল্যকৰণ কৰাৰ বাবে যথেষ্ঠ আছিল। শিক্ষামন্ত্ৰীয়ে বুজাই দিলে তেখেতে ব্যৱহাৰ কৰা 'মাল' শব্দটোৰ অৰ্থ।
তেখেতৰ স্ব-প্ৰণিত অভিধানৰ মতে এই শব্দৰ অৰ্থ হেনো জ্ঞান। সেই সন্দৰ্ভত সন্মানীয় শিক্ষামন্ত্ৰী গৰাকীয়ে ''মই কালি কোৱা কথাখিনিৰ সাৰাংশ'' শীৰ্ষক স্পষ্টীকৰণত তেখেতে লিখিলে ''বহুত শিক্ষকৰ মাজত এটা প্ৰৱণতা হৈছে- চাকৰি হোৱালৈকে খুব কষ্ট কৰে আৰু চাকৰিটো পোৱাৰ পিছত পঢ়া-শুনা বন্ধ কৰি দিয়ে।
বিজ্ঞানে কৈছে- যি বিকশিত, সি জীৱিত অৰ্থাৎ Anything growing is living. মানুহ এজন ৪০ বছৰ বয়সলৈকে শাৰীৰিকভাৱে বিকশিত হয়। কিন্তু বিকাশ কেৱল শাৰীৰিক নহয়, বৌদ্ধিক বিকাশো তাৰ লগত সাঙোৰ খাই থাকে। আমি ৪০ বছৰ বয়সলৈকে কেৱল শাৰীৰিকভাৱেই বিকশিত হোৱা নাই, তাৰ লগে লগে "অ আ ক খ"ৰপৰা আৰম্ভ কৰি আমি আমাৰ স্বাক্ষৰতাক বৌদ্ধিকতালৈ উত্তৰণ ঘটাওঁ।
আৰু অৱশেষত আজি আমি চাকৰিটো পাইছোঁ। এতিয়া একাংশই পঢ়া-শুনা বন্ধ কৰি দিয়াৰ বাবে বৌদ্ধিক বাৰ্ধক্যই জুমুৰি ধৰিছে। এজন শিক্ষক যদি বিকশিত হৈ থাকিব লাগে, তেনেহ'লে অধ্যয়ন আৰু গৱেষণা চলাই থাকিব লাগিব। অধ্যয়ন আৰু গৱেষণা যদি নহয়, তেতিয়াহ'লে শাৰীৰিক বাৰ্ধক্যই আমনি নকৰিলেও, আপোনাৰ বৌদ্ধিক বাৰ্ধক্যই আপোনাক অপ্ৰাসংগিক কৰিব।
… জ্ঞান হ'ল এটা এনেকুৱা বস্তু, তাক যদি কোনোবাই লাভ কৰে, সি আনক বিলাবই। নিবিলোৱাকৈ সি শান্তিত থাকিব নোৱাৰে। পানীয়ে ওপৰৰপৰা তললৈ সুযোগ-সুবিধা পালে বৈ আহিবই। এতিয়া আমাৰ বহু শিক্ষকে ক্লাছ নলয়, ক্লাছ ল'বলৈ টান পায়, ফাঁকি দিয়ে। কিয় টান পাই জানেনে? টান পোৱাৰ মূল কাৰণটো হ'ল যে মাল শেষ হৈ গৈছে। চাকৰি পোৱাৰ দিনাখনৰপৰা পঢ়া-শুনা বাদ দিলে, যিখিনি পঢ়িছিলে সেইখিনিও পাহৰিলে।
কিন্তু যিসকলে পঢ়ি আছে, নতুন নতুন কথা শিকি আছে। কাক শিকাওঁ, কাক কওঁ- তেওঁলোকৰ তেনেকুৱা লাগে। স্বাভাৱিক কথা। এই অধ্যয়ন, গৱেষণাৰ পৰিৱেশটো মহাবিদ্যালয়সমূহলৈ ঘূৰাই আনক, ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ ঘূৰাই আনক। ‘মাল’ শব্দটো মই প্ৰত্যাহাৰ কৰিছোঁ আৰু তাৰ ঠাইত জ্ঞান বুজিবলৈ অনুৰোধ জনালোঁ''।
উক্ত কথাখিনিত শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে এই শব্দটোক প্ৰত্যাহাৰ কৰাত এতিয়া ইয়াক কেন্দ্ৰ কৰি বিতৰ্ক কৰি থকাৰ কোনো অৱকাশ নাই। আমি সদায় বিচাৰো ৰাজ্যৰ শিক্ষাখণ্ডই সঠিক দিশত আগবাঢ়ক। আন্তঃগাঠনি, গুণগত শিক্ষাৰে ছাত্ৰ-ছাত্ৰীক আলোকিত কৰি তোলক।
শিক্ষকৰ ওপৰতেই সমস্ত দোষ জাপি দিয়া শিক্ষামন্ত্ৰী মহোদয়ে দয়া কৰি এই কথাখিনিক লৈ মন দিলে তেওঁৰ নিজৰো লাজ লাগিব। শিক্ষা বিভাগক সু নেতৃত্ব দিয়াত ব্যৰ্থ হৈছে নেকি বুলি নিজেই নিজক প্ৰশ্ন কৰিবলৈ মন যাব।
ৰাজ্যৰ বহু চৰকাৰী শিক্ষানুষ্ঠানৰ পয়ালগা ছবি, ফলাফলে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শিক্ষামন্ত্ৰী ৰনোজ পেগু ধেমাজি সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ সূত্ৰে তেওঁৰ গৃহজিলা ধেমাজি।
সেই ধেমাজি জিলাৰেই কেইখনমান বিদ্যালয়ৰ কিছু দিশ উনুকিয়াই দিব খোজিছো। এই ব্যৰ্থতাৰ বাবে আশা কৰো শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষককেই যেন দোষ জাপি নিদিয়ে।ধেমাজি জিলাৰ মুৰ্কংচেলেক শিক্ষাখণ্ড অধীনষ্ঠ এখন বিদ্যালয় হ'ল 'বেৰাচাপৰি নগাঁও প্ৰাথমিক বিদ্যালয়'।
এই বিদ্যালয়খনত আছে জানো পৰ্যাপ্ত সা-সুবিধা? সৌ সিদিনালৈকে বিদ্যালয়খনত নাছিল পকী গৃহ। বিদ্যালয়খনত প্ৰথম শ্ৰেণীত ১৪ জন, দ্বিতীয় শ্ৰেণীত ১০ জন, তৃতীয় শ্ৰেণীত ১০ জন, চতুৰ্থ শ্ৰেণীত ১৩ জন আৰু পঞ্চম শ্ৰেণীত ৯ জন ছাত্ৰ-ছাত্ৰী আছে।এয়া অসম চৰকাৰৰ শিক্ষা বিভাগৰ তথ্য।
মুঠ ৫৬ জন ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয়খনৰ UDISE code হল- ১৮১৩০৩১৪১০১ । ইউনিফাইড ডিষ্টিক ইনফৰ্মেশ্যন চিষ্টেম ফৰ ইউুকেশ্যন প্লাছৰ এই কোড নম্বৰৰ জৰিয়তে সমগ্ৰ দেশৰ ১০ লাখ ২২ হাজাৰ বিদ্যালয় সমূহৰ দৰে এই বিদ্যালয়খনৰো ডাটা অনলাইনযোগে চাব পাৰি।
কিন্তু পৰিতাপৰ কথা যে এই বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক, ডেস্ক-বেঞ্চ আৰু শ্ৰেণীকোঠাৰে অভাৱ। সেই অভাৱ এনে অনলাইন তথ্যত হয়তো দৃষ্টিগোচৰ নহয়। শিক্ষামন্ত্ৰী গৰাকীয়ে নিজেই এবাৰ নিজ জিলাৰ এই বিদ্যালয়খনৰ আন্তঃগাঠনি কেনে খবৰ লৈ চালে উপলব্ধি কৰিব মাত্ৰ ২জন শিক্ষকেৰে নামত চলি আছে এইখন বিদ্যালয়।
একেদৰে UDISE-১৮১৩০৩৩৩৩০১ কোডযুক্ত কাৰ্চাং বিজয়পুৰ এল পি স্কুলৰ অৱস্থা কি শিক্ষামন্ত্ৰী গৰাকীয়ে কল্পনাই কৰিব নোৱাৰে। প্ৰথম শ্ৰেণীত ২২ জন,দ্বিতীয় শ্ৰেণীত ৮ জন, তৃতীয় শ্ৰেণীত ৭জন, চতুৰ্থ শ্ৰেণীত ৬ জন, পঞ্চম শ্ৰেণীত ৭জন ছাত্ৰ-ছাত্ৰী আছে এইখন বিদ্যালয়ত।
আছেনে এই বিদ্যালয়খনত পৰ্যাপ্ত শিক্ষক? সেই খবৰ শিক্ষামন্ত্ৰী গৰাকীয়ে নিজ জিলাৰ বিদ্যালয়খনৰ ক্ষেত্ৰত ল'ব বুলি আশা কৰিব নোৱাৰিনে? আছেনে বিদ্যালয়খনত পাঠদানৰ উপযুক্ত আন্তঃগাঠনি? বৰষুণ, ৰ'দ বতৰত মুকলি আকাশলৈ চাই ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে গ্ৰহণ কৰে পাঠ্যক্ৰম সেয়া শিক্ষামন্ত্ৰীয়ে এবাৰ গৈ চাই অহা উচিত।
গোহালি সদৃশ গৃহত হয় পাঠদান। সভা-সমিতিয়ে ডাঙৰ ডাঙৰ কথা ক'ব পাৰি। বাস্তৱত কি কৰিব পাৰিছে সেয়াহে জানো আচল কথা নহয়।
১ নং কৰণাপুৰ বড়ো এল পি স্কুলখন স্থাপন কৰা হৈছিল ১৯৭৯ চনত। দক্ষিণ লাইমেকুৰীত থকা এই বিদ্যালয়খনৰ UDISE নম্বৰ- ১৮১৩০৩০৬৩০১। বিদ্যালয়খনত ৫ টা শ্ৰেণীয়ে আছে। প্ৰি প্ৰাথমিকত ৫ জন, প্ৰথম শ্ৰেণীত ১৫ জন, দ্বিতীয় শ্ৰেণীত ৪ জন, তৃতীয় শ্ৰেণীত ৯ জন, চতুৰ্থ শ্ৰেণীত ৪ জন আৰু পঞ্চম শ্ৰেণীত আছে ৬জন ছাত্ৰ-ছাত্ৰী। কিন্তু নাই সেই বিদ্য়ালয়তো সঠিক আন্তঃগাঠনি আৰু শিক্ষক।
শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে জানে নে নাজানে নাজানো এই বিদ্যালয়খনত আছে কেৱল এজন শিক্ষক। একেই পৰিস্থিতি গালিচিকাৰীত থকা ১৯৭৭ চনত স্থাপন কৰা অমৰ বিজুলী এল পি স্কুলতো। প্ৰথম শ্ৰেণীত ৬ জন, দ্বিতীয় শ্ৰেণীত ৯ জন, তৃতীয় শ্ৰেণীত ৮ জন, চতুৰ্থ শ্ৰেণীত ১২ জন আৰু পঞ্চম শ্ৰেণীত ১৩ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনতো শিক্ষকৰ সংখ্যা এজন।
শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াত কেৱল এখন প্ৰতিচ্ছবি দাঁঙি ধৰিলো। তাকো তেওঁৰ গৃহ জিলাৰ। শিক্ষকসকলক সঠিকভাৱে কামত মনোনিবেশ কৰাৰ পৰিৱেশ গঢ়াৰ ক্ষেত্ৰত তেওঁ কঠোৰ হওক, সেয়া প্ৰয়োজন।
কিন্তু সমান্তৰালভাৱে চৰকাৰী শিক্ষাখণ্ডৰ এই বিদ্যালয়সমূহত জ্ঞান অৰ্জনৰ বাবে এক পৰিৱেশৰ জানো প্ৰয়োজন নহয়? সেই আন্তঃগাঠনিৰ অভাৱৰ বাবে শিক্ষক দায়ী নে শিক্ষা বিভাগ দায়ী? যদি শিক্ষা বিভাগ দায়ী তেন্তে দায়ী জানো নহয় স্বয়ং শিক্ষামন্ত্ৰী গৰাকী।
একাংশ শিক্ষকৰ অৱজ্ঞা, অধ্যয়নহীনতাৰ বাবে তেখেতে সেই সকলৰ মূৰত 'মাল' নাই বুলি কৈ পিছত সেই শব্দৰ অৰ্থ জ্ঞান আৰু শব্দটোৱেই প্ৰত্যাহাৰ কৰি বিষয়টো সামৰিলে। একেদৰে নিজ গৃহ জিলাত চৰকাৰী বিদ্যালয়ৰ এই ৰেহ ৰূপৰ বাবে তেওঁক জানো অপদাৰ্থ শিক্ষামন্ত্ৰী বুলি আখ্যা দিব পাৰি? নিশ্চয় শিক্ষামন্ত্ৰীৰ দৰে এটা পদবীক এই বিশেষণেৰে অসন্মান কৰিব নোৱাৰি।
যদিওবা অপদাৰ্থৰ অৰ্থ অভিধানিকভাৱে বেয়া নহয়, কিন্তু এনেবোৰ শব্দৰ অৰ্থই কেতিয়াবা ব্য়ক্তিত্বত বা পদ মৰ্যদাত আঘাত হানে।সেয়েহে শিক্ষামন্ত্ৰী ৰনোজ পেগুক সৰল আৰু বিনম্ৰভাৱে আহ্বান জনাব পাৰি আপোনাৰ গৃহ জিলাত থকা বিদ্যালয় সমূহৰ লগতে ৰাজ্যৰ আন চৰকাৰী বিদ্যালয়সমূহলৈ সঠিক দৃষ্টি ৰাখক। নহ'লে এদিন আমি নহ'লেও কোনোবাই আপোনাকেই আপোনাৰ বিশেষণেৰে ,আপোনাৰ সুৰত সমালোচনা কৰিব । সেইদিনা কিন্তু 'মাল' শব্দৰ অৰ্থ জ্ঞান বুলি ৰাইজক বুজাব নোৱাৰিব।