নগাঁৱত মহিলা ড্ৰাগছ ব্যৱসায়ীসহ দুই কিশোৰ আটক

নগাঁৱত মহিলা ড্ৰাগছ ব্যৱসায়ীসহ দুই কিশোৰ আটক

ডিজিটেল সংবাদ , নগাঁও : মহিলা ড্ৰাগছ ব্যৱসায়ীৰ নগাঁও চহৰত গুণ্ডাগিৰি ৷ ড্ৰাগছ ক্ৰয় কৰি ধন আদায় দিব নোৱাৰা কিশোৰক ৰাজপথত মাৰধৰ ৷ চহৰখনৰ মাৰোৱাৰী পট্টিত ৰাইজে আটক কৰিলে মাফিয়াগিৰি চলোৱা মহিলা ড্ৰাগছ ব্যৱসায়ী যুৱতীক ৷ লগতে আটক কৰিলে দুই ড্ৰাগছ সেৱনকাৰী কিশোৰক ৷ সোমবাৰে সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে এখন স্কুটিত আহি যুৱতীগৰাকীয়ে নিশা প্ৰায় ৮ বজাত নগাঁও চহৰৰ মাৰোৱাৰী পট্টিত দুজন কিশোৰক চৰ , ভুকু মৰা আৰম্ভ কৰে ৷ কিশোৰ দুজনৰ পৰা আদায় পাব লগা ধন বিচাৰি চলাই এই আক্ৰমণ ৷ মহিলাগৰাকীৰ এই কাণ্ড প্ৰত্যক্ষ কৰি স্থানীয় লোকে তিনিওকে আটক কৰে ৷

ৰাজপথত মাৰ খাই দুই কিশোৰে দিয়া স্বীকাৰোক্তি মতে ড্ৰাগছ ব্যৱসায়ী বেগম উপাধিধাৰী যুৱতী গৰাকীক দুই কিশোৰে ড্ৰাগছৰ বিনিময়ত আদায় দিবলৈ বাকী আছে প্ৰায় ডেৰ লাখ টকা ৷ যুৱতীগৰাকীয়ে পেলনীয়া সামগ্ৰী ক্ৰয় কৰাৰ ব্যৱসায়ো কৰে ৷

ধন আদায় দিব নোৱাৰা দুই কিশোৰক পেলনীয়া সামগ্ৰী সংগ্ৰহ কৰিবলৈ লগাই আহিছিল বেগমে ৷ দুই কিশোৰক মহিলাগৰাকীয়ে উচিত মূল্য আদায় নিদিয়াৰ বাবে আন স্থানত কিশোৰ দুজনে পেলনীয়া সামগ্ৰী বিক্ৰী কৰাৰ কাৰ্যত ক্ষুন্ন হৈ পৰে মহিলা ড্ৰাগছ ব্যৱসায়ী মহিলাগৰাকী ৷ থেলাত পেলনীয়া সামগ্ৰী ভৰাই আন স্থানত বিক্ৰীৰ বাবে যাবলৈ লওঁতে শ্বাহনাৱাজে চাহিল আৰু ৰফিকক বাট ভেটি মাৰধৰ কৰে ৷

মহিলা ড্ৰাগছ ব্যৱসায়ী বেগমৰ আক্ৰমনৰ পৰা কিশোৰ দুজনক ৰাইজে উদ্ধাৰ কৰি পিছতে তিনিওকে আৰক্ষীক গতাই দিয়ে ৷ আৰক্ষীয়ে তিনিওকে আটক কৰি নগাঁও সদৰ থানালৈ লৈ যায় ৷

নগাঁৱত মহিলা ড্ৰাগছ ব্যৱসায়ীসহ দুই কিশোৰ আটক
কল্যান বৰুৱা বঁটাঃ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংবাদিকক বঁটা প্ৰদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in