/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/f8ec1073-613d-4565-8c41-8ac447dfea21/Nagaon.jpg)
ডিজিটেল সংবাদ, নগাঁও: মধ্য অসমৰ নগাঁও জিলাৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ প্ৰস্তুতি। এদিনীয়া কাৰ্যসূচীৰে এই দিৱস উদযাপনৰ প্ৰস্তুতি চলাইছে নগাঁও জিলা প্ৰশাসনে। প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা দিৱস উৎযাপনৰ বাবে আগবঢ়া নগাঁও জিলাই ১৮৩৩ চনৰ ২৭ মাৰ্চত প্ৰতিষ্ঠা লাভ কৰিছিল। সেয়েহে অহা ২৭ মাৰ্চৰ দিনটোত নগাঁও জিলা প্ৰশাসনে কেইবাটাও কাৰ্যসূচী হাতত লৈছে। নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা অৱগত কৰিলে জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে।
জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে, নগাঁও জিলা দিৱস উপলক্ষে ২৭ মাৰ্চৰ পুৱা ৮ বজাত নগাঁও আৰক্ষী ছাউনিৰ পৰা ৰাইজৰ সহযোগত এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। আনহাতে নগাঁও পৌৰসভা এলেকাৰ বিভিন্ন ৱাৰ্ড আৰু জিলাখনৰ বিভিন্ন পঞ্চায়তত গাঁও সভা অনুষ্ঠিত কৰি নগাঁও জিলা দিৱসৰ তাৎপর্য সম্পৰ্কে আলোচনাও কৰা হ'ব। পৌৰ এলেকাত পৌৰসভা আৰু পঞ্চায়ত সমূহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আনুষ্ঠানিত কৰিব এই সভা।
একেদৰে উক্ত দিনটোত জিলাখনৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত নগাঁও জিলাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। ইয়াৰোপৰি নগাঁও জিলা বিষয়ক এক মুকলি কুইজ প্ৰতিযোগিতাও উক্ত দিনা অনুষ্ঠিত কৰা হ'ব । নগাঁও জিলা দিৱস উপলক্ষে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজালৈ জিলাখনৰ সমূহ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ লগতে নাগৰিকসকলৰ ঘৰৰ চোতালত একো গছি বন্তি প্ৰজ্বলনৰ আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে।
আনহাতে সন্ধিয়া ৭ বজাত জিলা পুথিভঁৰালত এখনি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। উক্ত সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত নৃত্য-গীতৰ লগতে জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ কেইগৰাকীমান ব্যক্তিক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন আৰু বঁটা প্ৰদান অনুষ্ঠানৰো আয়োজন কৰা হৈছে। তদুপৰি সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট সংগীত শিল্পীয়ে পৰিৱেশন কৰিব গীত।
ইয়াৰ উপৰিও নগাঁও জিলাক লৈ এটি গীত আৰু এখন তথ্য চিত্ৰ নিৰ্মানৰ প্ৰস্তুতি চলি থকা বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে। সংবাদ মেলত নগাঁও জিলা দিৱস উদযাপনত ৰাইজৰ সহযোগিতা কামনা কৰে । উল্লেখ্য যে, নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত দেৱাহুতি বৰা আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈয়ে উপস্থিত আছিল ।
Also Read: আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us