নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত একেদিনাই ২৩খন গ্ৰন্থ উন্মোচন

নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত একেদিনাই ২৩খন গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু নগাঁও শাখাৰ আতিথ্যত দেওবাৰে নগাঁও জিলা লেখিকা সমাৰোহৰ কাৰ্য্যালয় "আনন্দম"ত ২৩ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। সভাত নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা শৰ্মাই সভাপতিত্ব কৰে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জিলা সমাৰোহ সমিতিৰ অন্তর্গত নগাঁও শাখাৰ লেখিকা দীপা বৰুৱাৰ তিনিখন গ্ৰন্থ "লেচেৰি বুটলি বান্ধিলোঁ ডাঙৰি","এমুঠি লেচেৰি" আৰু "মহিমামণ্ডিতা" উন্মোচন কৰা হয়। আনহাতে ড° অঞ্জনা গোস্বামীৰ "শব্দৰ ৰং", অমৃতপ্ৰভা সূতৰ গ্ৰন্থ "ডেউকা",ড° থুনু কলিতাৰ "ৰং জিলমিল", জোনাকী বৰ্মনৰ "অষ্টধাম" উন্মোচন কৰা হয়।

ইয়াৰোপৰি বুলু বৰুৱাৰ "ত্ৰিপৰ্ণা",অপৰা ফুকনৰ "জিলমিল জোনাকী", উৰ্মিলা বৰুৱাৰ "ওমৰাওজাম", কমলা বেজবৰুৱাৰ "প্ৰবন্ধমালা",নিবেদিতা ভূঞাৰ "কলম",কঠীয়াতলী শাখাৰ লেখিকা মীনা বৰাৰ গ্ৰন্থ "লকডাউনৰ সময়ত মইনাহঁত",অমিয়া শইকীয়াৰ "ব্যঞ্জনাৰ লহৰী",খুঁটিকটীয়া শাখাৰ লেখিকা চিনু কাকতি শইকীয়াৰ গ্ৰন্থ "সুৱাস", কাৰুণ্য ভট্টাচাৰ্য্যৰ "বিচ্ছুৰিত অনুভৱ",স্মৃতা কলিতাৰ "স্বাধীনতা আন্দোলনত মহাত্মা গান্ধী",ৰহা শাখাৰ লেখিকা দীপ্তি দেৱী শৰ্মাৰ গ্ৰন্থ "কথা শুদ্ধ আৰু কাব্য শিল্প", মনোৰমা ভূঞাৰ "অনুভৱৰ একলম", বিজয়া গগৈৰ "প্ৰাণীজগতৰ ইটো-সিটো" , কামপুৰ শাখাৰ লেখিকা বিনু লস্কৰৰ গ্ৰন্থ "বৰ্ণমালাৰ যাদু", গীতাঞ্জলি কলিতাৰ "দাপোণ ( বিবিধ ভাৱৰ অনুৰণন )", বঢ়মপুৰ শাখাৰ লেখিকা সাৱিত্ৰী ভূঞা গগৈৰ গ্ৰন্থ "মনময়ূৰীৰ পাখি" উন্মোচন কৰা হয় ।

উক্ত গ্ৰন্থসমূহ উন্মোচন কৰে সদৌ অসম লেখিকা সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথ, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই। ইয়াৰোপৰি বিশিষ্ট কবি, সাহিত্যিক ডাঃ প্ৰয়াগ শইকীয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা ড° থুনু কলিতা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা মামণি ভূঞা হাজৰিকা, শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য্য, বিশিষ্ট শিল্পী তথা অভিনেত্ৰী কল্পনা কলিতা , সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা সুবৰ্ণ মহন্ত , লেখিকা সমাৰোহ সমিতিৰ প্ৰচাৰ সম্পাদিকা ড° অঞ্জুমণি শইকীয়া, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° মণিকা শইকীয়া,বিশিষ্ট লেখিকা বিনু লস্কৰ, নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা মনোৰমা ভূঞা,উপদেষ্টা চাৰু শইকীয়া, নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী দীপ্তি দেৱী শৰ্মা,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মুখপাত্ৰ দীপা বৰুৱা, নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা বিজয়া গগৈ , নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা শৰ্মা আদিয়ে উন্মোচন কৰে।

অনুষ্ঠানটো আঁত ধৰে নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা বিজয়া গগৈয়ে। মূল অনুষ্ঠানৰ পূৰ্বে সভাৰ আৰম্ভণি গীত আৰু গ্ৰন্থ উন্মোচনৰ এটি বিশেষ গীত পৰিৱেশন কৰে নগাঁও শাখাৰ সদস্যাসকলে আৰু সভাৰ মাজতে আন এটি গীত পৰিৱেশন কৰে সুকণ্ঠী গায়িকা নিতুমনি হাজৰিকাই ।

অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকত, মুনি কাকতি,নগাঁও সংস্কৃত মঞ্চৰ সভাপতি গুণ শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সৌৰেন্দ্ৰ মোহন গোস্বামী, অৱসৰপ্ৰাপ্ত বেংক বিষয়া নগেন্দ্ৰ কোঁৱৰ, সাংবাদিক জয়ন্ত বৰা, লেখক দেৱেন শইকীয়া প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভৰণিতে বিশিষ্ট সাহিত্যিক ড° শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা মনোৰমা ভূঞা আৰু মাল্য প্ৰদান কৰে লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা শৰ্মাই।

নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত একেদিনাই ২৩খন গ্ৰন্থ উন্মোচন
শিল্প, বাণিজ্য, সংস্কৃতিৰ বৰ্ণাঢ্য সমাহাৰঃ সম্ভাৱনাৰ দুৱাৰ মুকলিৰে নিজম পৰিল 'নন্দিনী' মেলাৰ বাকৰি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in