পুথিভঁৰাললৈ অনিহা পঢ়ূৱৈৰ : নগাঁও জিলাত মাত্ৰ পঞ্জীকৃত পঢ়ুৱৈ ১৬ হাজাৰ...

পুথিভঁৰাললৈ অনিহা পঢ়ূৱৈৰ : নগাঁও জিলাত মাত্ৰ পঞ্জীকৃত পঢ়ুৱৈ ১৬ হাজাৰ...
পুথিভঁৰাললৈ অনিহা পঢ়ূৱৈৰ : নগাঁও জিলাত মাত্ৰ পঞ্জীকৃত পঢ়ুৱৈ ১৬ হাজাৰ...

ডিজিটেল সংবাদ নগাঁও: যি সময়ত নগাঁও এডুকেশ্যনেল হাবলৈ পৰ্যবেক্ষিত হৈছে সেই সময়তে এলাগী হৈ পৰিছে নগাঁও জিলা পুথিভঁৰাল। নগাঁও জিলা পুথিভঁৰাললৈ বৰ্তমান দৈনিক গড়ে ৪০-৫০ জন পঢ়ুৱৈৰো আগমন নঘটে।

নগাঁও চহৰৰ নেহৰুবালিৰ সন্মুখত ১৯৫৫ চনত স্হাপন কৰা হৈছিল নগাওঁ জিলা পুথিভঁৰালৰ। নগাঁও জিলা পুথিভঁৰাল কৰ্তৃপক্ষৰ পৰা জানিব পৰা মতে,বিগত ২০২২বৰ্ষৰ ৩১ মাৰ্চ পৰ্যন্ত নগাঁও জিলা পুথিভঁৰালৰ কিতাপৰ সংখ্যা আছিল ১,২০,০৬৮খন।

ইয়াৰে ৰাজা ৰামমোহন ৰায় পুথিভঁৰাল ফাউণ্ডেছনে দিয়ে ২৮,৬৩৫খন কিতাপ আৰু পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ পৰা দিয়ে ৯১,৪৩৩ খন কিতাপ। আনহাতে ২০২২-২০২৩বিত্তীয় বৰ্ষত ৰাজা ৰামমোহন ৰায় পুথিভঁৰাল ফাউণ্ডেছনে দিয়ে ৫৩৬খন কিতাপ আৰু পুথিভঁৰাল সেৱা সঞ্চালকালয়ে দিয়ে ১৭৯১খন কিতাপ।ইয়াকে লৈ বৰ্তমান নগাঁও জিলা পুথিভঁৰালত মজুত আছে বিভিন্ন দেশী -বিদেশী ১,২১,৯১২খন গ্ৰন্থ।

ইয়াৰ বাহিৰেও দৈনিক ৯ খন বিভিন্ন ভাষাৰ দৈনিক বাতৰি কাকত আৰু মাহে ৬০খন আলোচনী উপলব্ধ এই পুথিভড়ালটিত ৷ দেশী -বিদেশী লেখকৰ লক্ষাধিক কিতাপ জমা হৈ থকা নগাঁও জিলা পুথিভঁৰালত এতিয়া এইবোৰ পঢ়িবলৈহে পঢ়ুৱৈৰ অভাৱ।পঢ়ুৱৈৰ আগমনৰ বাবে ৰৈ ৰৈ আমনি লাগে নগাঁও জিলা পুথিভঁৰালত কৰ্মৰত ৯ জনকৈ কৰ্মচাৰীৰ।

পঢ়ুৱৈৰ হাতৰ স্পৰ্শ নপৰাকৈয়ে জিলা পুথিভঁৰালৰ বহু মূল্যৱান গ্ৰন্থ নষ্ট হৈ পৰা বুলিও এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে। অৱশ্যে নগাঁও জিলা পুথিভঁৰাল কৰ্তৃপক্ষৰ হাতত নষ্ট হোৱা কিতাপৰ পৰিসংখ্যাৰ কোনো তথ্য নাই বুলি সদৰি কৰিছে।

নগাঁও জিলা পুথিভঁৰাল কৰ্তৃপক্ষৰ পৰা পোৱা তথ্য অনুসৰি, এই পৰ্যন্ত নগাঁও জিলা পুথিভঁৰালত পঞ্জীকৃত পঢ়ুৱৈৰ সংখ্যা ১৬,৯০৮জন। উল্লেখ্য যে,নগাঁও জিলা পুথিভঁৰালৰ অধীনত জিলা খনৰ মুঠ ৯ টা স্থানত নটা গ্ৰাম্য পুথিভঁৰাল আছে।

এইগ্ৰাম্য পুথিভঁৰাল কেইটা হৈছে -মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গ্ৰাম্য পুথিভঁৰাল(বটদ্ৰৱা),বৰসত্ৰ গ্ৰাম্য পুথিভঁৰাল (ঘাঁহী),তৰুণ আদৰ্শ পুথিভঁৰাল (বিৰহ বেবেজীয়া),গুৰুনানক পুথিভঁৰাল (বৰকলা),সুৰভি পুথিভঁৰাল (মাজপাথৰি),কোমোৰাকটা জনকল্যাণ সংঘ ও পুথিভঁৰাল,দগাঁও ৰূপজ্যোতি প্ৰগতিশীল পুথিভঁৰাল, নগেন পুথিভঁৰাল (বৰভকতি, কলিয়াবৰ) আৰু কুঁৱৰীটোল তৰুণ সংঘ পুথিভঁৰাল।

এই গ্ৰাম্য পুথিভঁৰালসমূহত দুজনকৈ কৰ্মচাৰী নিয়োজিত হৈ আছে। এই গ্ৰাম্য পুথিভঁৰালসমূহতো কিতাপ নিবলৈ অহা, কিতাপ পঢ়িবলৈ অহা লোকৰ অভাৱ। ফলত জিলাখনৰ এই গ্ৰাম্য পুথিভঁৰালসমূহো প্ৰায় এলাগী হৈ পৰিছে।

আনহাতে,জিলাখনৰ কলিয়াবৰতো পুথিভঁৰাল সেৱা সঞ্চালকালয়ৰ অধীণস্থ এটা মহকুমা পুথিভঁৰাল আছে। ভৱেন্দ্ৰনাথ শইকীয়াৰ নামেৰে নামাকৰণ কৰা এই মহকুমা পুথিভঁৰালটোলৈও পঢ়ুৱৈৰ আগমন অতি পুতৌলগা।

পুথিভঁৰাললৈ অনিহা পঢ়ূৱৈৰ : নগাঁও জিলাত মাত্ৰ পঞ্জীকৃত পঢ়ুৱৈ ১৬ হাজাৰ...
নেতৃত্বহীন নামৰূপ সাৰ কাৰখানাঃ নাই পৰিচালন সঞ্চালক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in