/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f7de82ea-b3cd-45ea-b8f2-a67f8b067c82/bvfcl_15.jpg)
নেতৃত্বহীন নামৰূপ সাৰ কাৰখানাঃ নাই পৰিচালন সঞ্চালক... bvfcl
ডিজিটেল সংবাদ নামৰূপঃ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেড চমুকৈ বি ভি এফ চি এলত বৰ্তমান নাই অধ্যক্ষ তথা পৰিচালন সঞ্চালক । গুৰুত্বপূৰ্ণ যে, বিভিএফচিএলৰ চি এম ডিৰ দায়িত্বত থকা শিৱ প্ৰসাদ মহান্তিয়ে কেইবামাহৰ পূৰ্বে পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত যোৱা ১৫ ডিচেম্বৰতকেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী মণ্ডলীয় নিযুক্তি সমিতি সচিবালয়ে ডঃ মহান্তিৰ নিযুক্তি অকালতে সমাপ্ত কৰে যদিও আজি পৰ্যন্ত উদ্যোগটোৰ উক্ত শীৰ্ষ পদত কোনো এজন বিষয়াকে নিযুক্তি নিদিয়াটোৱে উদ্যোগটোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতা স্পষ্টকৈ প্ৰতিপন্ন কৰিছে।
উদ্যোগটোৰ নেতৃত্বৰ শীৰ্ষ পদটোত তাৎক্ষণিক ৰূপে স্থায়ী বা অস্থায়ী ভাবে হলেও নিযুক্তি দিব লাগিছিল যদিও চৰকাৰে তেনে দায়িত্বশীলতাৰ পৰিচয় নিদিয়াটো নামৰূপ সাৰ কাৰখানাৰ বাবে অতি দুৰ্ভাগ্যজনক। ষাঠিৰ দশকতে স্থাপন হোৱা নামৰূপ সাৰ কাৰখানাৰ তিনিটা উৎপাদন গোটৰ দুটা ইউনিট ইতিমধ্যে বন্ধ হৈছে।
তৃতীয় ইউনিটটোৱে বৰ্তমান প্ৰতিদিনে ৭০/৮০ শতাংশ ইউৰীয়া উৎপাদন কৰি আছে। চলিত বছৰতে এটা দীঘলীয়া চাট ডাউন দিয়াৰ পিছত তৃতীয় ইউনিটো সুচল ভাবে উৎপাদন ক্ষম হৈ আছে।
অথচ উদ্যোগটোৰ যন্ত্ৰাংশৰ ম্যাদ উকলি যোৱাত যি কোনো সময়তে কাৰিকৰী বিসংগতি ঘটাৰ সম্ভাৱনা প্ৰকট হৈ থাকে। তেনে প্ৰেক্ষাপটত উদ্যোগটোৰ শীৰ্ষ নেতৃত্ব চি এম ডি পদটোত চৰকাৰে অতি শীঘ্ৰে বিষয়াক নিযুক্ত দিয়া উচিত আছিল যদিও চৰকাৰৰ যেন গুৰুত্ব নাই ।
এই সন্দৰ্ভত বি ভি এফ চি এল ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়নে শীঘ্ৰে স্থায়ী চি এম ডি নিযুক্তিৰ দাবী তুলিছে। ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থায়ো সংকটময় অৱস্থাত থকা উদ্যোগটোৰ ক্ষেত্রত অতিৰিক্ত দায়িত্ব নহয় সম্পূর্ণ দায়িত্বত থকা এজন অধ্যক্ষ পৰিচালন সঞ্চালকৰ বাবে চৰকাৰক দাবী জনাইছে।
Also Read: গোলাঘাটত ৰন্ধন কৰ্মীৰ বিক্ষোভ...