নগাঁও জিলা দিৱস উদযাপন

নগাঁও জিলা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা দিৱস উদযাপন

ডিজিটেল সংবাদ,নগাঁও : সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সাম্প্রতিক সময়ত সমগ্ৰ দেশজুৰি বলৱৎ হৈ থকা নিৰ্বাচনী আচৰণ বিধি উলংঘা নোহোৱাকৈ নগাঁও জিলাৰ জিলা দিৱসটি বুধবাৰে অনুষ্টুপীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়।দিৱসটিৰ লগত সংগতি ৰাখি পুৱাৰ ভাগত জিলাখনত অৱস্থিত চৰকাৰী কাৰ্য্যলয়ৰ চৌহদসমূহত এক পৰিষ্কৰণ অভিযান চলোৱা হয়।

Advertisment

ইয়াৰ পিছতে পৰিস্কৃত কাৰ্যালয় চৌহদসমূহত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সন্ধিয়া কাৰ্য্যলয় চৌহদসমূহৰ লগতে আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্তি প্ৰজ্বলন কৰি আলোকিত কৰা হয়।

ইয়াৰোপৰি জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ তত্বাৱধানত জিলাখনৰ বিভিন্ন বিদ্যালয়ত কুইজ আৰু চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। আনহাতে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ দ্বাৰা নগাঁও জিলাৰ "শীৰ্ষক গীত"টি স্থায়ী অনুভাষ যন্ত্ৰৰ জৰিয়তে পৰিবেশন কৰা হয়।

Also Read: কামপুৰৰ বিষ্ণুমেলা-দৌল উৎসৱৰ সামৰণি

district day