গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

ডিজিটেল ডেস্কঃ বছৰজোৰা উৎসাহ, প্ৰস্তুতি আৰু উত্তেজনাৰ অন্ত পেলাই শুকুৰবাৰে বিয়লি ঘোষণা কৰা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা ২০২৩-২৪ নিৰ্বাচনৰ ফলাফল। ছাত্ৰ একতা সভাৰ ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচনত মুঠ ১৫ টা পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল মুঠ ৩২জন প্ৰাৰ্থীয়ে।

ছাত্ৰ একতা সভা ২০২৩-২৪ বৰ্ষৰ সভাপতি পদত বিজয়ী হৈছে আছু সমৰ্থিত প্ৰাৰ্থী তথা লোকপ্ৰিয় গোপীনাথ বৰদলৈ ২মহলীয়া ছাত্ৰাবাসাৰ নিবাসী জিন্টু দাস। একেটা আৱাসৰে অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী আৰিফ হুছেইন মীৰে দখল কৰে উপ সভাপতিৰ পদ। সাধাৰণ সম্পাদক পদত জয় লাভ কৰে এন এছ ইউ আই সমৰ্থিত প্ৰাৰ্থী তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮নং ছাত্ৰাবাসৰ আৱাসী হিমানজিৎ ডেকাই।

সমান্তৰালভাৱে সহঃ সাধাৰণ সম্পাদক পদত বিজয়ী হয় নিখিল ভাৰত বিদ্যাৰ্থী পৰিষদ সমৰ্থিত প্ৰাৰ্থী তথা নলিনী বালা দেৱী ১নং দুমহলীয়া ছাত্ৰী নিৱাসৰ আৱাসী নিহাৰিকা দেৱী। ছাত্ৰ জিৰণি কোঠাৰ পদত জয় লাভ কৰে অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী সূৰজ ফুকনে। ক্ৰীড়া সম্পাদক পদত জয় লাভ কৰে এন এছ ইউ আই সমৰ্থিত প্ৰাৰ্থী ঋষভ নাৰ্জাৰীয়ে।

তৰ্ক সম্পাদক পদত বিজয়ী হয় আছু সমৰ্থিত প্ৰাৰ্থী তথা আৰ চি চি -৮ ছাত্ৰী নিৱাসৰ আৱাসী বৰষা বৰগোহাঁই। একেটা ছাত্ৰীনিৱাসৰে আৱসী তথা আছু সমৰ্থিত প্ৰাৰ্থী হিমাক্ষী ৰাভা গুৰু ক্ৰীড়া সম্পাদক পদত বিজয়ী হয়। আৰু লঘূ ক্ৰীড়া সম্পাদক পদত বিজয়ী আছু সমৰ্থিত প্ৰাৰ্থী হয়পল্লৱ প্ৰতীম হাজৰিকা।

সাংস্কৃতিক সম্পাদকপদত এগৰাকী সৱল প্ৰতিদ্বন্দী ৰূপে বিবেচিত স্পেইনী আৰ্হি বৰ্মনক হৰুৱাই বিজয়ী মুকুত পিন্ধিবলৈ সক্ষম হয় আছু সমৰ্থিত প্ৰাৰ্থী লক্ষ্যজিৎ শইকীয়া। সংগীত সম্পাদক পদত বিজয়ী হয় এন এছ ইউ আই সমৰ্থিত প্ৰাৰ্থী তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮নং ছাত্ৰাবাসৰ আৱাসী ঋষভ জ্যোতি কাথাৰ। সমাজসেৱাত পদত বিজয়ী হয় আছু সমৰ্থিত প্ৰাৰ্থী দেৱাঙ্গণা চক্ৰৱৰ্তী। ছাত্ৰী জিৰণি কোঠা পদত বিজয়ী হয় আছু সমৰ্থিত প্ৰাৰ্থী তথা আৰ চি চি-৫ ছাত্ৰীনিৱাসৰ আৱাসী উইনী ডেকা আৰু সাহিত্য সম্পাদক পদত বিজয়ী হয় আছু সমৰ্থিত প্ৰাৰ্থী নৱকান্ত বৰুৱা।

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হৈছিল ছাত্ৰ একতা সভা ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। এই ভোট গ্ৰহণ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি বিশ্ববিদ্যালয় চৌহদত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।

গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা
টাইম নাই !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in