নগাঁৱত দিন ডকাইতিঃ চোৰে লুটি নিলে ১৫ লক্ষাধিক টকা...

নগাঁৱত‌ দিন দুপৰতে সংঘটিত হয় এক ভয়ংকৰ‌ ডকাইটি কাণ্ড। চালকক পিষ্টল দেখুৱাই স্কৰ্পিয়ৰ গ্লাচ ভাঙি লুটি লৈ গ'ল ১৫ লক্ষাধিক

author-image
Asomiya Pratidin
New Update
নগাঁৱত দিন ডকাইতিঃ চোৰে লুটি নিলে ১৫ লক্ষাধিক টকা...

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত‌ দিন দুপৰতে সংঘটিত হয় এক ভয়ংকৰ‌ ডকাইটি কাণ্ড। চালকক পিষ্টল দেখুৱাই স্কৰ্পিয়ৰ গ্লাচ ভাঙি লুটি লৈ গ'ল ১৫ লক্ষাধিক টকা।

Advertisment

মঙলবাৰে দিনৰ ভাগত সংঘটিত হয় এই ঘটনা। নগাঁও ICICI বেংকৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা ৷ মটৰ চাইকেলেৰে হেলমেট পৰিধান কৰি অহা দুই যুৱকে সংঘটিত কৰিছে এই কাণ্ড।

টকাৰ বেগটো লৈ মূহুৰ্ততে নগাঁও চহৰৰ দিশে পলাই যাবলৈ সক্ষম হয়‌ দুই ডকাইত। টকাৰ গৰাকী ডবকাৰ ব্যৱসায়ী মোল্লিজোৰ ৰহমান বুলি চিনাক্ত হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Also Read: দুৰ্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত দুই শ্রমিক

Assam police