দুৰ্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত দুই শ্রমিক

দুৰ্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত দুই শ্রমিক

ডিজিটেল ডেস্কঃ মহানগৰীত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা। দুৰ্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত দুই শ্রমিক। আকাশীনগৰত সংঘটিত হৈছে এই ঘটনা।

চিকিৎ‍সক জুনামণি বৰগোহাঁইৰ নৱনিৰ্মিত বাসগৃহত এই ঘটনা।গুৰুতৰভাৱে আহত শ্রমিক দুজনক ইতিমধ্যে চিকিৎ‍সালয়ত ভৰ্তি কৰোৱা হৈছে।

কিছুদিন পূৰ্বে এটা ক্লাবৰ নামত ধনদাবী কৰিছিল দুজন লোকে। লোক দুজন গগন বৈশ্য আৰু হিতেশ। ১০-১৫ লাখ টকা দাবী কৰিছিল গগন, হিতেশে।

ধন নিদিয়াৰ বাবেই আক্রমণ কৰাৰ অভিযোগ চিকিৎ‍সকগৰাকীৰ। টনা সন্দৰ্ভত চানমাৰি থানাত এজাহাৰ দাখিল চিকিৎ‍সকগৰাকীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

দুৰ্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত দুই শ্রমিক
ৰাণীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মৃতদেহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in