নগাঁৱত ট্ৰাক সহ ৫৪ টা পশুধন জব্দ,ধৃত সৰবৰাহকাৰী আটক

চোৰাং গৰু সৰবৰাহকাৰীৰ দলে নগাঁৱৰ মাজেৰে ট্ৰাকেৰে চোৰাংকৈ গৰু সৰবৰাহ কৰা অৱস্থাতে নগাঁও আৰক্ষীৰ জালত পৰে চক্ৰটোৰ সদস্য ।
নগাঁৱত ট্ৰাক সহ ৫৪ টা পশুধন জব্দ,ধৃত  সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ,নগাঁও : চোৰাং গৰু সৰবৰাহকাৰীৰ দলে নগাঁৱৰ মাজেৰে ট্ৰাকেৰে চোৰাংকৈ গৰু সৰবৰাহ কৰা অৱস্থাতে নগাঁও আৰক্ষীৰ জালত পৰে চক্ৰটোৰ সদস্য । নগাঁও বাইপাছত বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে নিশা ২৪ টা পশুধনসহ জব্দ কৰে এখন ট্ৰাক।জব্দ কৰা ট্ৰাক খনৰ নম্বৰ হৈছে এ এছ ০১ এইচ চি ৯৬৮৪।এই চোৰাং গৰু সৰবৰাহৰ লগত জড়িত দুই সৰবৰাহকাৰীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ধৃত লোক দুজন হৈছে সৰকাৰ আলি আৰু হাচান আলি। সম্প্ৰতি দুয়োকে আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে।

বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, চোৰাং গৰু সৰবৰাহকাৰীয়ে অবৈধ ভাৱে গৰু সৰবৰাহ কৰি অনা এ এৰ ০১ এইচ চি ৯৬৮৪নম্বৰৰ ট্ৰাক খন নগাঁও বাইপাছত আৰক্ষীৰ তালাচীত ধৰা পৰে। ট্ৰাক খনত গোলাঘাটৰ পৰা যোৰাবাটলৈ বুলি ২৪টা পশুধন কঢ়িয়াই আনিছিল। ইপিনে, ট্ৰাক খনৰ কোনো বৈধ নথি পত্ৰ নথকাৰ লগতে কঢ়িয়াই অনা পশুধন কেইটাৰো কোনো ধৰণৰ যাৱতীয় নথি পত্ৰ নাছিল।

ইয়াৰ বাহিৰেও নগাঁও আৰক্ষীয়ে জিলা খনৰ ৰহাৰ সৰাগাঁৱত ৩৭নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই এইচ আৰ-৫৫কিউ-৭৩৫৮ নম্বৰৰ এখন ট্ৰাক সহ জব্দ কৰিছিল ৩০টা চোৰাং গৰুৰ লগতে আটক কৰিছিল ইক্ৰামুল হক নামৰ ট্ৰাকখনৰ চালকজনক।

নগাঁৱত ট্ৰাক সহ ৫৪ টা পশুধন জব্দ,ধৃত  সৰবৰাহকাৰী আটক
চিলাপথাৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in