চিলাপথাৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ অধিৱেশন

অহা ২৬,২৭ আৰু ২৮ এপ্ৰিলত চিলাপথাৰ ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন।
চিলাপথাৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ অধিৱেশন

ডিজিটেল সংবাদ,চিলাপথাৰঃ অহা ২৬,২৭ আৰু ২৮ এপ্ৰিলত চিলাপথাৰ ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পঞ্চদশ দ্বি বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন। লগতে প্ৰস্তুতি চলিছে সংগঠনটোৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশনৰ।

বৃহস্পতিবাৰে অভ্যৰ্থনা সমিতি পূৰ্ণাংগ ৰূপত গঠনৰ বাবে ফেঠাৰেচনৰ চিলা ভৈৰৱপুৰ আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ কাৰ্যকৰী সভা। সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেছনৰ উপদেষ্টা অজয় চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ফেডাৰেছনৰ ধেমাজি জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি ধৰ্মেন্দ্ৰ দাসে।

সভাত উপস্থিত থাকি বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় যে ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি নিৰ্মাণত নিৰলসভাৱে কাম কৰি অহা বাঙালি ছাত্ৰ সংগঠনটোৰ এই বিশাল অধিৱেশনৰ পোন প্ৰথমবাৰৰ বাবে চিলাপথাৰত অনুষ্ঠিত হ'ব। এই বিশাল অধিৱেশনৰহ সফল কৰি তুলিবলৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনে সবল নেতৃত্ব বহন কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়।

সভাত ভাষণ ৰাখি ফেডাৰেছনৰ ধেমাজি জিলাৰ সভাপতি বিপ্লৱ দাসে ৰাইজৰ সহযোগৰ অবিহনে এনে এক বৃহৎ অনুষ্ঠানৰ কল্পনা কৰিব নোৱাৰি বুলি মন্তব্য কৰি বাঙালি ৰাইজৰ লগতে সকলো জাতি জনগোষ্ঠীক সহযোগৰ আহ্বান জনায়।

সভাত অৱসৰপ্ৰাপ্ত শিক্ষক গোপাল চন্দ্ৰ দেৱ,মিচিং স্বায়ত্তশাসিত পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী শুক্ৰেশ্বৰ গয়াৰী,UBPO'ৰ উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম,সমাজকৰ্মী ৰবীন্দ্ৰ নাথ,ৰাজেন্দ্ৰ মণ্ডল, GNSM'ৰ সাধাৰণ সম্পাদক তোলন সোনোৱাল,মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ টায়ে,সমাজকৰ্মী শ্যামল সৰকাৰ,ABSU'ৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি প্ৰবীণ দৈমাৰী,ধেমাজি জিলা হাজং ছাত্র সন্থাৰ উপ সভাপতি ৰামপ্ৰসাদ হাজং, TMPK'ৰ চিলাপথাৰ নগৰ সমিতিৰ সম্পাদক শচীন কুটুম প্ৰমুখ্যে কেবাগৰাকী ব্যক্তিয়ে প্ৰস্তাৱিত কেন্দ্ৰীয় আৰু জিলাৰ যৌথ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তোলাৰ ওপৰত বহুমূলীয়া বক্তব্য আগবঢ়ায়।

ৰাজহুৱা সভাত UBPOৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, টিএমপিকেৰ চিমেনমুখ আঞ্চলিক সমিতিৰ উপদেষ্টা হৰিশ চাৰহ,সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেছনৰ কেন্দ্ৰীয় সমিতিৰ কেবাজনো নেতা,ধেমাজি জিলা সমিতিৰ সভাপতি বিপ্লৱ দাস,সাধাৰণ সম্পাদক গোবিন্দ মণ্ডল, মাজৰবাৰী,চিলা- ভৈৰৱপুৰ, মাজৰবাৰী আদি কেবাখনো আঞ্চলিক সমিতিৰ বিষয়ববীয়া,জোনাই ITDP'ৰ সভাপতি ফৈলাও মুছাহাৰী,GNSM'ৰ চিচি-চিলাপথাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰ্ত ৰাজবংশী, মাজৰবাৰী আঞ্চলিক সমিতিৰ সভাপতি সন্তোষ সৰকাৰ,চেঙাজান আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক নিৰঞ্জন নমঃশূদ্ৰ,UBPO'ৰ সানজাৰী নৌগৌৰ,চনাব সানজাৰি নৌগৌৰ,চিলাপথাৰ আঞ্চলিক সমিতিৰ কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

আজিৰ ৰাজহুৱা সভাতে সাংসদ প্ৰদান বৰুৱাক মুখ্য পৃষ্ঠপোষক,বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, বিটিআৰৰ কাৰ্য্যবাহী সদস্য উত্তম দাস,বিজনিৰ বিধায়ক অজয় ৰয়,হোজাইৰ বিধায়ক ৰামকৃঞ্চ ঘোষ,ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক প্ৰদীপ ৰঞ্জন কৰক পৃষ্ঠপোষক আদিৰ উপৰিও বিভিন্নটা বিভাগত দায়িত্ব প্ৰদান কৰি নতুনকৈ গঠন কৰা অভ্যৰ্থনা সমিতিখনে মূল সমিতিৰ পৰা দায়িত্ব আৰু কাৰ্য্যভাৰ গ্ৰহণ কৰে।

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় আৰু ধেমাজি সমিতিৰ আগন্তুক যৌথ অধিৱেশনত এখন বহুভাষিক স্মৃতিগ্ৰন্থ প্ৰকাশৰ সিদ্ধান্ত লয়। প্ৰস্তাৱিত যৌথ অধিৱেশনখন ধেমাজি জিলাৰ চিলাপথাৰ ভৈৰৱপুৰৰ নেতাজী সমন্বয় ক্ষেত্ৰত ২৬,২৭ আৰু ২৮ এপ্ৰিলত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।আজি পুৱাৰ ভাগত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূবন পেগুয়ে প্ৰস্তাৱিত অধিৱেশনস্থলী পৰিদৰ্শন কৰে।

চিলাপথাৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ অধিৱেশন
তিনিচুকীয়াৰ ভুৱা সংঘৰ্ষঃ ২৯ বছৰ পাছত শ্বহীদৰ পৰিয়ালে পালে ন্য়ায়

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in