/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/05c4cf81-ed69-4aef-9904-a768f81cad8c/Youth.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰঃ পুনৰ বহিঃৰাজ্যত অসমৰ যুৱক সন্ধানহীন। কৰ্ম সংস্থাপনৰ তাগিদাত বহিঃৰাজ্যলৈ যোৱা গহপুৰৰ এজন যুৱক সন্ধানহীন হোৱাত যুৱকজনৰ পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। বিশাখাপট্টনম ৰে'ল ষ্টেচনৰ পৰা যোৱা ২৫ জুলাইৰ পুৱা প্ৰায় ৫ বজাৰ পৰা সন্ধানহীন হোৱা গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত গৰুধোৱাডুবিৰ যুৱকজনৰ নাম কৰ্ণ বাহাদুৰ প্ৰধান (২৫,পিতা:টোক বাহাদুৰ)।
উল্লেখ্য যে, লখিমপুৰৰ ৫জন বন্ধুৰ সৈতে কামৰ তাগিদাত কেৰেলালৈ বুলি যোৱা ২২ জুলাইত ঘৰৰ পৰা ৰে'লেৰে যাত্ৰা কৰিছিল কৰ্ণ বাহাদুৰ প্ৰধানে। কিন্তু বিশাখাপট্টনম ৰে'ল ষ্টেচনত ৰে'লৰ পৰা নামি যোৱাৰ পিছৰে পৰা অতি ৰহস্যজনক ভাবে যুৱকজন নিৰুদ্দেশ হোৱাত এতিয়া বিভিন্ন দুঃচিন্তাই লগ দিছে দৰিদ্ৰ পৰিয়ালটোৰ মাজত। বন্ধু কেইজনে নিৰুদ্দিষ্ট যুৱক কৰ্ণ বাহাদুৰ প্ৰধানৰ পৰিয়ালক জনোৱা মতে, বিশাখাপট্টনম ৰে'লৱে ষ্টেচনত ৰে'লৰ পৰা নামি যোৱাৰে পৰা তেওঁলোক কৰ্ণ বাহাদুৰ প্ৰধানৰ কোনো শুংসুত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/254c7639-7324-4864-83d4-a000abefd859/dd261217_6ccd_43a0_8c95_fab440b0a58f.jpg)
যোৱা ২৫ জুলাইৰ পুৱা প্ৰায় ৫-৩০ বজাৰ পৰা কৰ্ণ বাহাদুৰ প্ৰধানৰ ম'বাইল ফোনৰ ছুইচ বন্ধ হৈ পৰাত এতিয়া চকুলোৰে বাট নেদেখা হৈছে দৰিদ্ৰ পৰিয়ালটোৱে। কৰ্ণ বাহাদুৰ প্ৰধান নিৰুদ্দেশৰ সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালৰ লোকে ইতিমধ্যে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক, গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া আৰু হেলেম আৰক্ষী থানাত অৱগত কৰিছে যদিও কৰ্ণ প্ৰধানৰ সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ উত্তৰ পোৱা নাই পৰিয়ালটোৱে।
এনে পৰিপ্ৰেক্ষিতত এতিয়া কোলাত আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানক লৈ চকুলো টুকি ভাগৰি পৰিছে নিৰুদ্দিষ্ট কৰ্ণ প্ৰধানৰ পত্নীয়ে। পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে যুৱকজনৰ উদ্ধাৰৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে।
Also Read: আমেৰিকান ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উদ্যোগত চৰাইদেউ জিলাত "STEM MELA"