ধেমাজিত ৰূপালী জয়ন্তী বৰ্ষ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জিমচাঁয়া চেম্পিয়ন...

ধেমাজিত ৰূপালী জয়ন্তী বৰ্ষ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জিমচাঁয়া চেম্পিয়ন...

author-image
Asomiya Pratidin
New Update
ধেমাজিত ৰূপালী জয়ন্তী বৰ্ষ প্ৰাইজমানি  ফুটবল প্ৰতিযোগিতাত জিমচাঁয়া চেম্পিয়ন...

ধেমাজিত ৰূপালী জয়ন্তী বৰ্ষ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জিমচাঁয়া চেম্পিয়ন...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰ গাঁৱৰ গড়মৰা যুৱক সংঘৰ উদ্যোগত গড়মৰা খেল পথাৰত ৮ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাখনি আজি সামৰণি পৰে। আজি অনুষ্ঠিত ফাইনেল খেলখনত মেছু কছাৰী এফ.চি আৰু ধূণাগুৰি জিমা ছাঁয়াৰ মাজত অনুষ্ঠিত হোৱা উত্তেজনাপূৰ্ণ খেলত ধূণাগুৰি জিমাচাঁয়া দল চেম্পিয়ন হয়।

Advertisment

সমাজকৰ্মী বাবুল চুতীয়াই চেম্পিয়ন দলটোক নগদ ১ লাখ টকাসহ ট্ৰফী আৰু ৰাণাৰ্চ আপ দল মেছু কছাৰী এফ.চিক ধৰ্মেন্দ্ৰ চুতীয়াই নগদ ৫০ হাজাৰসহ ট্ৰফী প্ৰদান কৰে।

ইয়াৰ পিছতে অৱৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণচন্দ্ৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত 'গড়মৰা ক্ৰীড়াংগণ' নামৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন কৰা হয়। অন্তিম দিনটোৰ খেলখনত অসংখ্য দৰ্শক উপস্থিত থাকে।

Also Read: কেন্দ্ৰীয় মন্ত্ৰী নিশিথ প্ৰামানিকৰ সৈতে GU ৰ এন এছ এছ কোষৰ স্বেচ্ছাসেৱকৰ মত বিনিময়...

ফুটবল প্ৰতিযোগিতা