ৰকিবুল হুছেইনৰ ফটোত লিখিলে 'বিজেপিৰ এজেন্ট', তামোলেৰে পিকালে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটোত, কোনে কৰিলে এই কাম?

ৰকিবুল হুছেইনৰ ফটোত লিখিলে বিজেপিৰ এজেন্ট, তামোলেৰে পিকালে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটোত, কোনে কৰিলে এই কাম?

author-image
Asomiya Pratidin
New Update
ৰকিবুল হুছেইনৰ ফটোত লিখিলে 'বিজেপিৰ এজেন্ট', তামোলেৰে পিকালে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটোত, কোনে কৰিলে এই কাম?

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই শুকুৰবাৰে পদত্যাগ কৰাৰ পিছতে অঘটন ৷ নিশা জিলা কংগ্ৰেছৰ কাৰ্যালয়ত কোনো দুস্কৃতিকাৰীয়ে সংঘটিত কৰিলে অঘটন ৷

Advertisment

নিশা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ফটো সম্বলিত ফ্লেস্কৰ ফ্ৰেমত কলা ৰঙেৰে লিখিলে বিজেপি এজেন্ট বুলি ৷ বৰ বৰ হৰফৰে ৰকিবুল হুছেইনৰ ফটোত কাৰ্যালয়ৰ ভিতৰত এনেদৰে বিজেপিৰ এজেন্ট বুলি লিখা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ একেদৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফটোৰ ফ্ৰেমত তামোলৰ পিক পেলোৱাৰ ঘটনা সংঘটিত হৈছে৷

ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ ফটো ফ্ৰেমত দুষ্কাৰ্য সংঘটিত কৰাৰ আঁৰত কোন জড়িত সেই কথা পোহৰলৈ অহা নাই ৷ কোনোৰ মতে ৰকিবুল আৰু প্ৰদ্যুতৰ সংঘাটৰ বাবে সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰিছে ৷

শেহতীয়াকৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সংগ ত্যাগ কৰিবলৈ অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত সুৰেশ বৰাই কংগ্ৰেছ ত্যাগ কৰা বুলি চৰ্চা চলিছে ৷ সুৰেশ বৰাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছতে শুক্ৰবাৰে বিয়লি ভাগত সাংসদ বৰদলৈ বৰাৰ বাসভৱনত উপস্থিত হৈছিল ৷ ইফালে নগাঁও কংগ্ৰেছৰ ভিতৰৰ এই সংঘাটৰ সময়তে বিধায়ক ৰকিবুল হুছেইনে নগাঁও এৰি ৰাজস্থানত আছেগৈ ৷ ইয়াৰ মাজতে আজি সুৰেশ বৰাই বিজেপি দলত যোগ দিব ৷

Also Read: উন্নয়নৰ নমুনা! ঠেলাত উঠাই চিকিৎসালয়লৈ নিলে ৰোগীক...

congress