উন্নয়নৰ নমুনা! ঠেলাত উঠাই চিকিৎসালয়লৈ নিলে ৰোগীক...

উন্নয়নৰ নমুনা! ঠেলাত উঠাই চিকিৎসালয়লৈ নিলে ৰোগীক...a

author-image
Asomiya Pratidin
New Update
উন্নয়নৰ নমুনা! ঠেলাত উঠাই চিকিৎসালয়লৈ নিলে ৰোগীক...

ডিজিটেল সংবাদ, লখিমপুৰঃ এইয়া নেকি বিকশিত অসমৰ নমুনা ? য’ত এতিয়াও ৰোগীক ঠেলাত উঠাই চিকিৎসালয়লৈ নিব লগা হয় ৷ লখিমপুৰ জিলাৰ দুৰ্গম অঞ্চল পানীগাঁৱ আমতলাৰ বন গাঁৱৰ এই ঘটনা ৷

Advertisment

যোৱা কেইবাদিন ধৰি ঘৰৰ ভিতৰতে ৰোগত আক্ৰান্ত হৈ পৰি থকা প্ৰয়াত অকমানি দাসৰ পত্নী লক্ষীমাই দাসক [৪৫] শুকুৰবাৰে এনেদৰে স্থানীয়লোকে ঠেলাত উঠাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিব লগা হয় ৷ কেও কিছু নোহোৱা এই মহিলা গৰাকীক কেইবাদিন ধৰি জ্বৰ-কাঁহ, বমি মূৰৰ বিষ আদিত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত ঘৰৰ ভিতৰতে পৰি আছিল ৷

আজি উপায়ন্তৰ হৈ স্থানীয় লোকে ৰোগী গৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও কোনো যান-বাহন চলাচল কৰিবলৈ সুচল পথ নথকা বন গাঁৱৰ পৰা লক্ষীমাই দাসক কেইবা কিলোমিটাৰ দূৰত্ব ঠেলাত উঠাই নি অৱশেষত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সন্ধিয়া ভৰ্তি কৰায় ৷ পৰিতাপৰ কথা যে স্থানীয় লোকসকলে কিছু দূৰলৈ আগুৱাই আহিবলৈ ১০৮ৰ লগত বহুবাৰ যোগাযোগ কৰিও ব্যৰ্থ হোৱাৰ পিছত অৱশেষত প্ৰথম অৱস্থাত লক্ষীমাই দাসক ঠেলাত আৰু তাৰ পিছত নেপালি গাঁৱৰ পৰা কোনোমতে এখন ব্যক্তিগত বাহনত উঠাই প্ৰায় ১৫ কিলোমিটাৰ দূৰত্বৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায়৷

পৰিতাপৰ কথা যে প্ৰতিবছৰে বৃহত্তৰ আমতলা অঞ্চলৰ বনগাঁও, দোৱাৰপাৰ, শান্তিপুৰ, মলোৱাল, গামচুক আদিৰ লোকসকলে এনেদৰে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি আহিছে যদিও তেলাহী উন্নয়ন খণ্ডৰ অন্তৰ্গত তথা পশ্চিম তেলাহী গাঁও পঞ্চায়তৰ এই লোকসকলে সূচল যাতায়তৰ মুখ নেদেখিলে ৷ যাৰ ফলত বহু ৰোগীয়ে সেই অঞ্চলত বিনা চিকিৎসাই মৃত্যুবৰণ কৰি আহিছে ৷

বিশেষকৈ সন্তান সম্ভৱা গৰ্ভৱতী মহিলাসকলে প্ৰায়েই এনে যাতনাৰ সন্মুখীন হৈ আহিছে যদিও কোনো এখন চৰকাৰেই বৃহত্তৰ আমতলা বাসীৰ দুৰ্দশাৰ অন্ত পেলাব নোৱাৰিলে৷ বাৰিষা ৰঙানদীখনক বুকুত লৈ তেওঁলোকে তুলুঙা নাওৰে সকলো ক্ষেত্ৰতে লখিমপুৰ সদৰৰ লগত যোগাযোগ ৰাখিব লগা হয় ৷ বহু সময়ত নাও দুৰ্ঘটনাত বিভিন্ন জনে প্ৰাণ হেৰুৱাইয়ো আহিব লগা হৈছে৷ শেহতীয়াকৈ লক্ষীমাই দাসক এনেদৰে ঠেলাত উঠাই চিকিৎসালয়লৈ নিয়া কৰুণ দৃশ্যই সচেতন ৰাইজক মৰ্মাহত কৰি তুলিছে৷

Also Read: ICC য়ে নিলম্বন কৰিলে শ্ৰীলংকা ক্ৰিকেট ব'ৰ্ডক...