
ডিজিটেল সংবাদ নগাঁও : যি সময়ত ৰাজ্যত বিজেপিৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হৈছে, কংগ্ৰেছক শক্তিশালী কৰাৰ লগতে জনতাৰ আস্থা আহৰণৰ বাবে এক অসম যাত্ৰা সামৰি বাগানে বাগানে, চৰে চৰে আদি কাৰ্যসূচী গ্ৰহণ কৰিছে সেই সময়তে দলটোত সৃষ্টি হৈছে খহনীয়া। শুকুৰবাৰে নগাওঁ জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই নিজৰ বৃহৎ সংখ্যক সমৰ্থকৰ সৈতে পদত্যাগ কৰিছে।
কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ লগতে প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনৰ অতিকৈ ঘনিষ্ঠ সুৰেশ বৰাই দলত্যাগ কৰা বিষয়টো জিলাখনৰ ৰাজনীতিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বিশেষ সূত্ৰৰ খবৰ অনুসৰি সুৰেশ বৰাই বৃহস্পতিবাৰে নিশা এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
নিশা বঢ়মপুৰ বিধানমণ্ডল পৰ্যায়ৰ সকলো নেতাকে নিমন্ত্ৰণ জনায়। শুকুৰবাৰে পুৱা তেওঁৰ ইটাচালি বাসভৱনত সমষ্টিটোৰ সকলো নেতা, কৰ্মী আহি সমবদেত হয়। তাৰ পাছতে তেওঁ দল ত্যাগৰ কথা ঘোষণা কৰে।
ইয়াৰোপৰি তেওঁ ইতিমধ্যে পদত্যাগ পত্ৰ দলটোৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰা বুলিও জনায়। অৱশ্যে এই বিষয়ে তেওঁ কোনো মন্তব্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই।
উল্লেখ্য যে, ২০২১ বিধানসভা নিৰ্বাচনত বঢ়মপুৰ বিধানসভা সমষ্টিত তেওঁ প্ৰতিদ্বন্দিতা কৰি বিজেপিৰ জিতু গোস্বামীৰ বিৰুদ্ধে মাত্ৰ ৭৫১ টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল। ইয়াৰোপৰি ২০১৯ লোকসভা নিৰ্বাচনত নগাওঁ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিজয় সাব্যস্ত কৰা প্ৰদ্যুৎ বৰদলৈৰ বিজয়ৰ ক্ষেত্ৰত সুৰেশ বৰাৰ ভূমিকা আছিল অতি গুৰুত্বপূৰ্ণ।
এনে এগৰাকী নেতাই দল ত্যাগ কৰা বিষয়টো বৰ্তমানৰ প্ৰেক্ষাপটত কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।