৮ বছৰীয়া শিশুক কাঠ ফলা মেচিনেৰে হত্যাঃ নেমছুৰ প্ৰতিক্ৰিয়া...

৮ বছৰীয়া শিশুক কাঠ ফলা মেচিনেৰে হত্যাঃ নেমছুৰ প্ৰতিক্ৰিয়া...
৮ বছৰীয়া শিশুক কাঠ ফলা মেচিনেৰে হত্যাঃ নেমছুৰ প্ৰতিক্ৰিয়া...
Published on
Updated on

ডিজিটেল সংবাদ ওৰাংঃ ওদালগুৰিৰ মেধিপাৰাত জঘন্য হত্যাকাণ্ডৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া নেমছুৰ। শিশু হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ সময় সীমা বান্ধি দিলে সংগঠনটোৱে। ৪৮ ঘন্টাৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে আন্দোলনৰ হুংকাৰ নেমছুৰ সভাপতি বদৰুল ইছলামৰ।

বিগত দেওবাৰে ওদালগুৰিৰ মেধিপাৰাত বৈদুতিক কাঠ কটা মেচিনেৰে ৮ বছৰীয়া কিশোৰক হত্যা কৰিছিল মজনু আলী নামৰ এজন লোকে। লোকজনৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে শিশুটিৰ মূৰত কাটাৰ লগাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে এই ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোক থানাত এজাহাৰ দিয়াত বাধা প্ৰদান কৰিছিল একাংশ দালাল আৰু অবৈধ মিলটোৰ মালিক মইনুল হকে। এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে ওদালগুৰি আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

সাপমাৰী আৰক্ষী চকিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ আৰু ৩৪ নং ধাৰাত গোচৰ ৰুজু কৰিছিল। কিন্তু ঘটনাৰ ৫ দিন উকলি যোৱাৰ পিছতো বৰ্তমানো শিশু হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল ওদালগুৰি আৰক্ষী।

বৰ্তমানেও সন্ধান উলিয়াব পৰা শিশু হত্যাকাৰী মনজু আলিৰ। ইফালে নীতি বহিৰ্ভুতভাবে চলি থকা কাঠফলা মিল আৰু কাঠৰ দোকানখনত উপস্থিত হৈ বন বিভাগে এতিয়াও লোৱা নাই কোনো বিভাগীয় পদক্ষেপ।

M/S AKTAR FURNITURE /TIMBER SHOP নামৰ মিলত ৮ বছৰীয়া শিশুৰ হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত কি কাৰণত ওদালগুৰি জিলা বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে নেমছুৰ সভাপতি বদৰুল ইছলামে।

শিশু হত্যাকাৰীক এজাহাৰ দিয়াত বাধা প্ৰদান কৰা দালালৰ ওপৰতো আৰক্ষীয়ে গ্ৰহণ কৰণ নাই কোনো ব্যৱস্থা। প্ৰশ্ন উত্থাপন হৈছে একাংশ দালাল আৰু অবৈধ কাঠকটা মিলৰ মালিক মইনুল হকে মেনেজ কৰিছে নেকি আৰক্ষী আৰু ওদালগুৰি জিলা বন বিভাগক?

এই বিষয়টো প্ৰশ্ন উত্থাপন কৰিছে নেমছুৱে। যোৱা দেওবাৰে সংঘটিত হোৱা এই শিশু হত্যাকাণ্ডৰ ঘটনা বুধবাৰে সাংবাদিৰ এটা দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতহে পোহৰলৈ আহিছিল। অভিযুক্ত মজনু আলী, মিলৰ মালিক মইনুল হক আৰু মাৰফত আলীৰ বিৰুদ্ধে এজাহাৰ লিখি থানালৈ গৈ নাপাওঁতেই ৰহস্যজনকভাৱে এজাহাৰৰ পৰা মইনুল হক আৰু মাৰফতৰ নাম নোহোৱা হৈ পৰিছিল।

একাংশ দালালৰ হেঁচাত আধবাটতে এজাহাৰ সলনি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল ভুক্তভোগী পৰিয়ালে । বিষয়টোত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছিল পৰিয়ালটোৱে।

ওদালগুৰি জিলা বনবিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ কাঠফুলাৰ দৰে গঢ়ি‌ উঠা ঘাতকৰূপী অবৈধ কাঠফলা মিলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবনে বন বিভাগে। প্ৰশ্ন হয়, এইদৰে প্ৰকাণ্ড-প্ৰকাণ্ড পাহাৰীয়া মূল্যবান গছ কাটি তহিলং কৰি আজবাৱ বনোৱাৰ অনুমতি আছে নে M/S AKTAR FURNITURE /TIMBER SHOP নামৰ প্ৰতিষ্ঠানটোৰ?

বন বিভাগৰ নীতি নিয়মক অংগুষ্ঠ প্ৰৰ্দশন কৰি কি দৰে চলাই আছে এই অবৈধ কাঠফলা মিল? নে বন বিভাগৰ কোনো বিষয়াক মেনেজ কৰি এনেদৰে ঘাতক ৰূপী কাঠফলা মিল চলিছে? উত্তৰ আছে নে ওদালগুৰি বন বিভাগ তথা মাজবাট আঞ্চলিক বন সংমণ্ডলৰ হাতত?

৮ বছৰীয়া শিশুক কাঠ ফলা মেচিনেৰে হত্যাঃ নেমছুৰ প্ৰতিক্ৰিয়া...
ড০ শিৱনাথ বৰ্মনৰ ব্যক্তিগত পুথিভঁৰাল পঢ়ুৱৈৰ বাবে মুকলি কৰাৰ সিদ্ধান্তঃ ১২ নৱেম্বৰত বিশেষ সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in