মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশকো কেৰেপ নকৰে নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে

সংবাদকৰ্মীক কাৰ্যালয়ৰ কোঠাত আক্ৰমণ কৰা,১৪৪ ধাৰা জাৰি কৰি নিজে ভংগ কৰা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে দিয়া নিৰ্দেশক অমান্য কৰি পেলাই থোৱা ঘটনাই তোলপাৰ লগাইছে নগাঁৱত

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশকো কেৰেপ নকৰে নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে

ডিজিটেল সংবাদ,নগাঁও : কাৰ বলেৰে বলিয়ান নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ? ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ নিৰ্দেশ অমান্য কৰিব পাৰে নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ! উত্থাপিত অভিযোগ মতে, কেবিনেট মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই দিয়া নিৰ্দেশ অমান্য কৰি পেলাই থব পৰা সাহস আছে নগাঁৱৰ আয়ুক্তৰ ৷

Advertisment

সংবাদকৰ্মীক কাৰ্যালয়ৰ কোঠাত আক্ৰমণ কৰা,১৪৪ ধাৰা জাৰি কৰি নিজে ভংগ কৰা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীয়ে দিয়া নিৰ্দেশক অমান্য কৰি পেলাই থোৱা ঘটনাই তোলপাৰ লগাইছে নগাঁৱত ৷ শেহতীয়াকৈ আয়ুক্তক লিখিতভাৱে মন্ত্ৰী মহন্তই দিয়া নিৰ্দেশৰ প্ৰতিলিপি অবজ্ঞা কৰি পেলাই থোৱা প্ৰতিলিপি উদঘাটন কৰিছে ৷

নগাঁও আয়ুক্ত কাৰ্যালয়ত গাঁওপ্ৰধান পদৰ বাবে সাক্ষাতকাৰ গ্ৰহণ কৰা হৈছিল ৷ সাক্ষাতকাৰত মেধাক প্ৰাধান্য দিয়া হৈছিল ৷ জিলাখনৰ বিভিন্ন ৰাজহ গাঁৱত খালী থকা গাঁওপ্ৰধান পদৰ সাক্ষাতকাৰ অনুষ্ঠিত কৰি নিয়ুক্ত কৰা হৈছিল ৷ এই সাক্ষাতকাৰৰ পিছত গৰিষ্ঠসংখ্যক মেধাক নিয়ুক্তি দিয়া হৈছিল যদিও নিদিষ্ট সংখ্যকে নিয়ুক্তি পত্ৰ লাভ নকৰিলে ৷

বিভিন্ন কাৰণত সামৰিকভাৱে সেইসকলক নিয়ুক্তি পত্ৰ প্ৰদান স্থগিত ৰখা হৈছিল ৷ তেনে এগৰাকী বঞ্চিত মেধা প্ৰাৰ্থী আছিল চাহাব উদ্দিন আহমেদ ৷ বাচনিপ্ৰাপ্ত গাঁওপ্ৰধান ছাহাব উদ্দিন আহমেদক আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শেহতীয়াকৈ ৰহস্যজনকভাৱে নিযুক্তি প্ৰদানৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি অভিযোগ উঠিছে ৷

২০২২ চনৰ চেপ্তেম্বৰ মাহতে অনুষ্ঠিত হোৱা গাঁওপ্ৰধান পদৰ বাবে বাছনি হোৱাৰ পিছত ছাহাব উদ্দিন আহমেদক ২০২৪ চনলৈকে নিয়ুক্তি পত্ৰ প্ৰদান নকৰি বঞ্চিত কৰাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ এক উচ্চ ন্যায়ালয়ৰ অন্তঃবৰ্তিকালীন নিৰ্দেশৰ বাবে ছাহাব উদ্দিনে নিয়ুক্তি পত্ৰ লাভৰ ক্ষেত্ৰত হেঙাৰ আহিছিল যদিও পৰৱৰ্তী সময়ত সেই বাধা আতৰিল, যদিও বৰ্তমান নিয়ুক্তিৰ ক্ষেত্ৰত বাধা হিছাপে দেখা দিছে আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ৷

বাচনিপ্ৰাপ্ত গাঁওপ্ৰধান ছাহাব উদ্দিন আহমেদক নিয়ুক্তি পত্ৰ প্ৰদান কৰিবলৈ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক নিৰ্দেশ দিছিল মন্ত্ৰী কেশব মহন্তই ৷ বিগত বৰ্ষৰ ২৫ নবেম্বৰত মন্ত্ৰী কেশব মহন্তই আয়ুক্তক লিখিত নিৰ্দেশ দিছিল “নিয়োগৰ ব্যৱস্থা কৰিব “ ৷ কিন্তু ২০২৪চনৰ এই জানুৱাৰী মাহলৈকে আয়ুক্তই মন্ত্ৰীজনৰ নিৰ্দেশক গুৰুত্বই নিদিয়া পৰিলক্ষিত হৈছে ৷

Also Read: লোকসভা নিৰ্বাচন : কাজিৰঙাত অগপৰ ৰণডংকা

Nagaon Commissioner Narendra Kumar Shah keshab mahanta