লোকসভা নিৰ্বাচন : কাজিৰঙাত অগপৰ ৰণডংকা

আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ কেইখন আসনত অগপৰ নিজা প্ৰাৰ্থী থাকিব সেয়া এতিয়াও থিৰাং হোৱা নাই বুলি প্ৰকাশ কৰিলে সভাপতি অতুল বৰাই
লোকসভা নিৰ্বাচন : কাজিৰঙাত অগপৰ ৰণডংকা

ডিজিটেল সংবাদ,কলিয়াবৰঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কাজিৰঙা সংসদীয় সমষ্টিত ইতিমধ্যে সাজু হৈছে অগপ দল। সেয়ে বুধবাৰে কাজিৰঙা সংসদীয় সমষ্টিত দলটোৱে আৰম্ভ কৰিলে আগন্তুক লোকসভা নিৰ্বাচনৰ কুচকাৱাজ।

অগপৰ কলিয়াবৰ বিধান পৰিষদৰ ব্যৱস্থাপনাত আজি আয়োজিত কাজিৰঙা সংসদীয় সমষ্টিৰ এখন বুথ পৰ্যায়ৰ সন্মিলনত অংশগ্ৰহণ কৰি লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে দলটোৰ শীৰ্ষ নেতৃত্বই। মণিমাধৱ মহন্তৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা বুথ পৰ্যায়ৰ সন্মীলনত অগপ দলৰ সভাপতি অতুল বৰাই ভাষণ দিয়ে।

পিছে আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ কেইখন আসনত অগপৰ নিজা প্ৰাৰ্থী থাকিব সেয়া এতিয়াও থিৰাং হোৱা নাই বুলি প্ৰকাশ কৰিলে সভাপতি অতুল বৰাই । অৱশ্যে ফেব্ৰুৱাৰী মাহত এই সন্দৰ্ভত মিত্ৰজোঁটৰ আলোচনা অনুষ্ঠিত হ'ব বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰিলে অতুল বৰাই।

আগন্তুক লোকসভা নিৰ্বাচনত অগপই কেইখন আসনত নিজা প্ৰাৰ্থী ঠিয় কৰাব সেয়া আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন বুলি অভিহিত কৰিলে সন্মিলনত অংশ লোৱা জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে।

ইফালে, এই বুথ সন্মিলনৰ পৰাই কাজিৰঙা সাংসদীয় সমষ্টিত অগপৰ কুচকাৱাচ একপ্ৰকাৰ আৰম্ভ হোৱা বুলি কয় দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছৰ দিন উকলিল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেশৱ মহন্তই। তেওঁ লগতে মকৰ সংক্ৰান্তিৰ পিছত দলে নতুন ৰূপ আৰু নতুন মুখ দেখা পাব বুলিও মন্তব্য কৰে।

কাজিৰঙা সমষ্টিত আগন্তুক নিৰ্বাচনত অগপই বুৰঞ্জী সলনি কৰিব বুলি ঘোষণা কৰে দলৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। কলিয়াবৰৰ শিক্ষা মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এই বুথ সন্মিলনত সংসদীয় সমষ্টিটোৰ অন্তৰ্গত নগাঁও, হোজাই আৰু গোলাঘাট জিলাৰ ১০ টা বিধানসভা সমষ্টিৰ প্ৰায় তিনি সহস্ৰাধিক সদস্য উপস্থিত থাকে।

দলটোৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ লগতে ফণীভূষণ চৌধুৰী, কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি সন্মিলনত অংশগ্ৰহণ কৰে দলৰ শীৰ্ষ নেতৃত্বই। প্ৰাৰ্থী অথবা আসন ঠিৰাং নহ'লেও এই বুথ সন্মিলনৰ পৰাই কাজিৰঙা সংসদীয় সমষ্টিত আগন্তুক লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰাৰ কথা ঘোষণা কৰে অগপই।

উল্লেখ্য যে সন্মিলনত অংশ লোৱাৰ পূৰ্বে ১৬৫০ শকত স্থাপন হোৱা কলিয়াবৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কৰতিপাৰ বগাজন সত্ৰত সতীৰ্থ মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তথা দলীয় সতীৰ্থসকলৰ সৈতে উপস্থিত হৈ সকলোৰে কল্যাণ কামনাৰে সেৱা জনায়।

লোকসভা নিৰ্বাচন : কাজিৰঙাত অগপৰ ৰণডংকা
বিশ্বনাথৰ দক্ষিণ ভিৰগাঁৱত ভোগালীক আদৰাৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in