/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e7b77abe-17e0-451e-a9b2-15930d2bfb19/AP_FOR_WEB_Nagaon_College.jpg)
ডিজিটেল সংবাদ,নগাঁও: ঐতিহ্যমণ্ডিত নগাঁও কলেজ (অট’নমাচ)ৰ জন্মলগ্নৰে পৰা এক গৱেষণাত্মক বাতাবৰণৰ উমান পোৱা যায়। ৭৯ বছৰীয়া নগাঁও কলেজ (অট’মাচ)ত আজি উন্মোচন কৰা হয় গৱেষণা পত্ৰিকা DELVE ৰ বিশেষ সংখ্যা। পত্ৰিকাৰ উন্মোচন কৰে নগাঁও কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে।
২০২০ বৰ্ষত ইউ. জি. চি এ নগাঁও কলেজক স্বতন্ত্ৰ কলেজ হিচাপে ঘোষণা কৰাৰ লগে লগে ইউ. জি. চি-২০১৮ নিয়মাৱলী অনুসৰি নগাঁও কলেজত শৈক্ষিক পৰিষদৰ অনুমোদন সাপেক্ষে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সন্মতি অনুসৰি নগাঁও কলেজত ২০২১-২২ বৰ্ষৰ পৰা পিএইচ. ডি পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। এই পাঠ্যক্ৰম সূচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, গৱেষক আৰু তেজপুৰ বিশ্ববিদ্যালয়, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ, গৱেষকৰ অন্তৰ্ভুক্তিৰে এখন কেন্দ্ৰিত গৱেষণা সমিতি গঠন কৰা হয়।
সমিতিৰ অনুমতি সাপেক্ষে ২০২২ বৰ্ষৰ পৰা নগাঁও কলেজত ৭টাকৈ বিভাগত ১৯ গৰাকী তত্ত্বাৱধায়কৰ তত্ত্বাৱধানত ৩৫ গৰাকী গৱেষক ছাত্ৰই গৱেষণা কৰি আছে আৰু এই বৰ্ষত ২২ গৰাকী গৱেষক অন্তৰ্ভুক্ত হ’ব। এই কথা ব্যক্ত কৰে আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই। অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ টিকেন দাসৰ সম্পাদনাত শণিবাৰে উন্মোচিত এই পত্ৰিকাখনত ১২খনকৈ উৎকৃষ্ট মানৰ গৱেষণা পত্ৰ প্ৰকাশিত হৈছে।
উল্লেখযোগ্য যে উৎকৃষ্ট মানৰ গৱেষণাৰ বাবে নগাঁও কলেজৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ পৰীক্ষিত গগৈক সন্মানজনক ‘ফুলব্ৰাইট ফেল’শ্বিপ’ ৰ বাবে নিৰ্বাচিত হৈছে। ড০ গগৈয়ে এই ফেল’শ্বিপৰ জৰিয়তে অহা আগষ্ট মাহত গৱেষণাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰাওনা হ’ব।
একেদৰে বিজ্ঞানাগাৰৰ পৰা ৰেচম কৃষিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা উৎকৃষ্ট মানৰ গৱেষণাৰ বাবে প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ ভুৱন চন্দ্ৰ চুতীয়াক ২০২২ বৰ্ষৰ অসম কলেজ শিক্ষক সংস্থাৰ ‘গৱেষণা আৰু উদ্ভাৱনা বঁটা’ প্ৰদান কৰা হয়।
তদুপৰি কলেজৰ গৱেষকসকলক উৎসাহিত কৰিবলৈ নগাঁও কলেজৰ একালৰ কৃৰ্তী ছাত্ৰ, চিকিৎসক ডাঃ মুকুট গোস্বামীয়ে তেখেতৰ পিতৃৰ নামত ১০ লাখ টকা অনুদানেৰে ‘দুলাল চন্দ্ৰ গোস্বামী ন্যাস’ গঠন কৰি ২০২১ বৰ্ষৰ পৰা প্ৰতিবছৰে সফল গৱেষক, অধ্যাপক আৰু ছাত্ৰক ৩০০০০ নগদ ধনেৰে দুলাল চন্দ্ৰ গোস্বামী স্মাৰক বঁটা প্ৰদান কৰি আহিছে। ২০২২ বৰ্ষত এই বঁটা যুটীয়াভাৱে এই বঁটা ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ টিকেন দাসলৈ প্ৰদান কৰা হয়।
Also Read: ৰাহুলৰ কান্ধত উঠি ইন্দিৰা গান্ধীৰ দিনলৈ উভতিব খুজিছে নেকি চৰকাৰ ?