নগাঁও কলেজত লিংগ সমতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে কৰ্মশালা

নগাঁও জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ অভিযান সমন্বয়ক বৰ্ণালিকা গোস্বামীয়ে আঁতধৰা কৰ্মশালাখনত আদৰণী ভাষণ প্ৰদান কৰে কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে।

author-image
Asomiya Pratidin
New Update
নগাঁও কলেজত লিংগ সমতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে কৰ্মশালা

ডিজিটেল সংবাদ, নগাঁওঃ মহিলা সৱলীকৰণৰ বাবে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনস্থ নগাঁও জিলাৰ মহিলা উন্নয়ন কেন্দ্ৰৰ উদ্যোগত, নগাঁও কলেজ (অট’নমাচ)ৰ এন.এছ.এছ গোটৰ সহযোগত আৰু জিলা প্ৰশাসনৰ সমৰ্থনত "লিংগ, ইতিবাচক পুৰুষত্ব আৰু লিংগভিত্তিক হিংসাৰ সৈতে মোকাবিলা কৰাৰ উপায় নিৰ্ণয়" বিষয়ক এক কৰ্মশালা সফলতাৰে আয়োজন কৰা হয়।

Advertisment

নগাঁও জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ অভিযান সমন্বয়ক বৰ্ণালিকা গোস্বামীয়ে আঁতধৰা কৰ্মশালাখনত আদৰণী ভাষণ প্ৰদান কৰে কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জিৎ কুমাৰ মজিন্দাৰে। ড° মজিন্দৰে আদৰণী ভাষণত কৰ্মশালাৰ গুৰুত্বৰ কথা উল্লেখ কৰে। নগাঁও কলেজ( অট’নমাচ)ৰ এন.এছ.এছ গোটৰ কাৰ্যসূচী বিষয়া ড° ভূৱন চন্দ্ৰ চুতীয়াই এই কৰ্মশালাখনে এন এছ এছৰ স্বেচ্ছাসেৱকসকলৰ সক্ৰিয় অংশ গ্ৰহণৰ জৰিয়তে জনসাধাৰণৰ মাজত বুজাবুজি আৰু সমতা বৃদ্ধি কৰাত সহায় কৰিব বুলি উল্লেখ কৰে।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০২৪ৰ প্ৰতি সন্মান জনাই অনুষ্ঠিত কৰা এই অনুষ্ঠানত নগাঁও কলেজ (অট’নমাচ), খগৰিজান মহাবিদ্যালয় আৰু এ.ডি.পি. মহাবিদ্যালয়ৰ প্ৰায় ১৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। লিংগ সমতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই অৰ্থপূৰ্ণ কথা-বতৰা আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপিকা ড° পুনম কাকতি বৰাই। ড০ পুনম কাকতি বৰাই ইতিবাচক পুৰুষত্ব সম্পৰ্কে আলোকপাত কৰে। নগাঁও কলেজ (অট’নমাচ)ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ চাব্ৰিন আহমেদে কৰ্মশালাখনত লিংগ সমতাৰ কথা ব্যক্ত কৰে। শেষত নগাঁও জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ অভিযান সমন্বয়ক বৰ্ণালিকা গোস্বামীয়ে ‘লিংগভিত্তিক হিংসা’ সন্দৰ্ভত এক মনোজ্ঞ আলোচনা আগবঢ়ায়। কৰ্মশালাখনে অংশগ্ৰহণকাৰীসকলৰ পৰা ধনাত্মক সঁহাৰি লাভ কৰে। অংশগ্ৰহণকাৰীসকলে কৰ্মশালাখনৰ পৰা উপকৃত হোৱা বুলিও মন্তব্য কৰে।

Also Read: গুৰুগ্ৰামৰ এখন কেফেত চাঞ্চল্যঃ মাউথ ফ্ৰেছনাৰ ব্যৱহাৰৰ পিছতেই তেজ বমি ৫জল লোকৰ

nagaon college (autonomous)