/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/434ab675-efe2-4f0c-8a51-d6a877d557dd/fish_25.jpg)
নগাওঁ কলেজৰ পৰীক্ষাত ভয়াবহ তথ্যঃ চালানী মাছত ফৰ্মেলডিহাইড...
ডিজিটেল সংবাদ নগাঁও : নগাঁও কলেজ (অট’নমাচ) ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীৰ নিৰ্দেশত প্ৰাণীবিজ্ঞান বিভাগে বজাৰত উপলব্ধ চালানী মাছত বিষাক্ত পদাৰ্থৰ উপস্থিতিৰ অধ্যয়নৰ বাবে এলানি পৰীক্ষা সম্পন্ন কৰে। প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ক্ৰমে ড০ ললিত মোহন গোস্বামী, ড০ ভুৱন চন্দ্ৰ চুতীয়া, ড০ জ্যোতিষ্মৃতা দাস, ড০ প্ৰিয়াংকী শৰ্মা আৰু ড০ মানস প্ৰতীম বৰাৰ নেতৃত্বত, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ এটি দলে কৰা বিগত তিনিমাহজোৰা অধ্যয়নত বিস্ফোৰক তথ্য উন্মোচিত হৈছে।
এই পৰীক্ষাত দলটোৱে নগাঁও জিলাৰ বিভিন্ন ব্যৱসায়িক এলেকাৰ পৰা নমুনা সংগ্ৰহ কৰি প্ৰাণীবিজ্ঞান বিভাগৰ গৱেষণাগাৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰাৰ লগতে তথ্যৰ শুদ্ধতা নিৰূপণৰ বাবে গুৱাহাটীস্থিত উন্নতমানৰ পৰীক্ষাগাৰতো পৰীক্ষা সম্পন্ন কৰে। লগতে দুয়োলানি পৰীক্ষাত উদ্ৰেকজনকভাৱে সৰ্বাধিক ১৫ শতাংশলৈকে ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পৰিছে।
ইয়াৰ উপৰিও দলটিয়ে গুৰু ধাতু যেনে- কেডমিয়াম, প্ৰমিয়াম, আৰ্চেনিক, লিড আদিৰ উপস্থিতি সম্পৰ্কেও অধ্যয়ন অব্যাহত ৰাখিছে। প্ৰাৰম্ভিকভাৱে দলটিৰ অধ্যয়নত ০.০০৩ % কেডমিয়াম আৰু ০.১৫ % আৰ্চেনিকৰ উপস্থিতি ধৰা পৰিছে।
আভ্যন্তৰীণ মানদণ্ড আশ্বাষন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই সদৰী কৰা মতে সম্পূৰ্ণ নিজাববীয়াকৈ কৰা এই অধ্যয়নৰ যোগেদি মহাবিদ্যালয়খনে জনসাধাৰণক আতংকিত কৰিবৰ বাবে নহয় সজাগতা সৃষ্টিৰ বাবে এই অধ্যয়ন আৰু প্ৰয়াস অব্যাহত ৰাখিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/adf521ab-b4ec-4ab3-a42a-e03240b29308/f43f9b9e_04e3_4eac_b68e_1dd18dc01893.jpg)
Also Read: সাংসদ অজিত ভূঞাৰ সৈতে মুঠ ১৪ জনৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ...