/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/96d8ef76-d228-4812-b80b-fc9fa79cf6fc/amrit.jpg)
ডিজিটেল সংবাদ,নগাঁও : দয়া , মমতা , মানব সেৱা সম্পূৰ্ণ ৰূপে জলাঞ্জলি দিয়া হৈছে নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ৷ চিকিৎসা সেৱাৰ ক্ষেত্ৰত চৰকাৰে সৰ্বসাধাৰন লোকক প্ৰদান কৰা বিনামূলীয়া সহায় আৰু ৰেহাই মূল্যৰ সেৱাৰ নামত নগাঁৱত ক'লা বজাৰ চলি আছে ৷
নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এইবাৰ আহিছে ঔষধৰ ক'লা বজাৰৰ চাঞ্চল্যকৰ কাহিনী ৷ সৰ্বসাধাৰণ লোকে চিকিৎসালয় খনত চিকিৎসালয়ৰ চিকিৎসকৰ ওচৰত ৰোগ পৰীক্ষা কৰাৰ পিছত ঔষধৰ বাবে হাহাকাৰ কৰিব লগা হয় ৷ চিকিৎসা ঠিকেই চলে কিন্তু ঔষধ ল'বলৈ হ’লে এক কিলোমিটাৰ দূৰলৈ দৌৰিব লগা হয়৷
চিকিৎসালয় খনত বিনামূলীয়া ঔষধ বিতৰন কক্ষ আছে ৷ একেদৰে অমৃত ফাৰ্মাচী আছে ৷ কিন্তু ৰোগীয়ে ঔষধ নাপায় ৷ যাৰ বাবে ৰোগী দৌৰিব লগা হয় চিকিৎসালয়ৰ পৰা এক কিলোমিটাৰ দূৰলৈ ৷ এই দৌৰৰ বাবে ৰোগীক নিৰাপত্তা দি নিয়া হয় ৷ একাংশ এজেন্টে নিৰাপত্তা দি লৈ যায় নিদিষ্ট স্থানলৈ ৷ উক্ত স্থানত ৰোগীৰ আত্মীয়ক চৰা দামত ক্ৰয় কৰিবলৈ বাধ্য কৰোৱা হয় ঔষধ ৷
অভিযোগ মতে ঔষধৰ এই ক'লা বজাৰখন চলাই আছে ৱাহিদুৰ জামানে ৷ এই জামান নিশা ৮ বজাত চিকিৎসালয় চৌহদত প্ৰৱেশ কৰে ৷ শেষ নিশা প্ৰায় তিনি বজালৈকে চিকিৎসালয় খনত থাকি সমগ্ৰ ব্যৱস্থা তদাৰক কৰে ৷ পিছত চিকিৎসালয়ৰ এক বৃহৎ সংখ্যক দালালৰ জৰিয়তে ৰোগীৰ আত্মীয়ক লৈ যোৱা হয় নিদিষ্ট স্থানলৈ ৷
নগাঁও সদৰ থানা ৰোডৰ আৰোগ্য ক্লিনিক নামৰ প্ৰতিস্হানটোৰ ওচৰত ভীৰ কৰে ৰোগীৰ আত্মীয় ৷ ৱাহিদুজ জামানে মজুত কৰা ঔষধ উক্ত স্থানৰ পৰা ক্ৰয় কৰি পুনৰ চিকিৎসালয়ৰ চৌহদত উপস্থিত হয় আত্মীয় সকল ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ দৈনিক তিনিশৰ পৰা চাৰিশ ৰোগী আহে ৷ ইয়াৰে কিছু সংখ্যক ৰোগীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ ভৰ্তি হোৱা ৰোগী আৰু সাধাৰণ ৰোগীয়ে চিকিৎসালয় খনৰ পৰা সুলভ মূল্যৰ ঔষধে নহয় বিনামূলীয়া ঔষধো লাভ কৰিবলৈ সক্ষম নহয় ৱাহিদুজ জামানৰ হাতৰ পৰা ৷
চিকিৎসালয় খনত থকা অমৃত ফাৰ্মাচী খনত ঔষধ মজুত পুতৌ লগা ৷ ফাৰ্মাচী খনত থকা ঔষধৰ চেল্ফ ৮০ শতাংশই উদং ৷ ৰোগী আত্মীয় ফাৰ্মাচীলৈ গ’লে কৰ্মচাৰী নাথাকে ৷ প্ৰতিদিনে অমৃত ফাৰ্মাচীখন খোলা থাকে যদিও সুবিধাহে নাপায় ৰোগীয়ে ৷ চাঞ্চল্যকৰ বিষয় এই যে চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা ঔষধ নাথাকে চিকিৎসালয়ৰ ঔষধ বিতৰন কক্ষত ৷
চিকিৎসালয় খনত থাকিব লগা ১৮১ বিধ ঔষধে নাই ৷ চৰকাৰী ভাবে নিৰ্দ্ধাৰিত আবশ্যকীয় ৩২০ বিধ ঔষধৰ ভিতৰত ১৮১ বিধ ঔষধ চিকিৎসালয়ত শনিবাৰ আৰু দেওবাৰৰ দিনটোত নথকাৰ ঘটনাই স্বাস্থ্য বিভাগৰ বিনামূলীয়া ঔষধৰ পুতৌ লগা ব্যৱস্থাটোক প্ৰতিফলিত কৰিছে ৷ এই সমগ্ৰ ব্যৱস্থাটোৰ সুবিধা লৈ ৱাহিদুজ জামানে দৈনিক বিক্ৰী কৰি আহিছে চাৰি / পাঁচ লাখ টকাৰ ঔষধ ৷
আৰু পঢ়ক: সু-সাহিত্যিক নীলমণি মহন্ত লৈ 'ডম্বৰু কাকতি সোঁৱৰণী সাহিত্য বঁটা'