ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ কাষৰীয়া এলেকা সোনাইঘাটত সোমবাৰে নিশা সংঘটিত গুলীচালনাৰ ঘটনাত মঙ্গলবাৰেও অব্যাহত আছে চাঞ্চল্য ৷ ঔষধ ব্যৱসায়ী হাফিজুৰ ৰহমান গুলীবিদ্ধ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলত ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গুলীবিদ্ধ ৰহমান বৰ্তমান সংকটমুক্ত হোৱাৰ লগে লগে তেওঁৰ প্ৰতিক্ৰিয়াৰ বাবে বাট চাইছে অঞ্চলবাসী৷
এই গুলীচালনাৰে জড়িত থকাৰ সন্দেহত নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে ইনামূল হাছান নামৰ এজন লোকক ৷ আৰক্ষীৰ সন্দেহ হাফিজুৰ ৰহমানক হত্যা কৰিবৰ বাবে ভাড়াতীয়া ঘাটক ব্যৱহাৰ কৰা হৈছিল এই ঘটনাত ৷ ঘাটকে খেদি খেদি গুলীচালনা কৰিছিল ৰহমানক ৷
আনহাতে গুলীৰ শব্দত সাধাৰণ লোক সমবেত হোৱাত ঘাটকে পলায়ন কৰিছিল৷ ঘটনা অনুসৰি সোনাইঘাটত হাফিজুৰে নিজৰ প্ৰধানমন্ত্ৰী জন ঔষধী কেন্দ্ৰটি বন্ধ কৰি ঘৰলৈ যাবলৈ সাজু হোৱাৰ সময়তে মটৰ চাইকেলত দুজন লোক আহে ৷ এজনে মটৰ চাইকেলৰ পৰা নামি নিচেই ওচৰৰ পৰা গুলীচালনা কৰে হাফিজুৰক৷ হাফিজুৰৰ বাওঁ বাহুত গুলী লগাত ব্যৱসায়ীজনে গুলীবিদ্ধ অৱস্থাৰে দৌৰ মৰাত ঘাতকে খেদি যায় যদিও গুলীৰ শব্দত সাধাৰণ লোক সমবেত হোৱাত ঘাটকে মটৰ চাইকেলত উঠি পলায়ন কৰে ৷
পিছত স্থানীয় লোকে হাফিজুৰক ওচৰৰে এখন চিকিৎসালয়ত ভৰ্তি কৰে ৷ জানিব পৰা মতে গুলীবিদ্ধ হাফিজুৰে এই ঘটনাৰে তিনিজন লোক জড়িত থকাৰ কথা আৰক্ষীক অৱগত কৰিছে ৷ এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ইনামূল হাচান নামৰ এজন লোকক কৰায়ত্ব কৰিছে ৷ হাচান হৈছে হাম এক গ্ৰুপ নামৰ শৈক্ষিক প্ৰতিস্থানটিৰ সঞ্চালক৷ পূৰ্বতে নগাঁও আৰক্ষী আৰু অসম আৰক্ষীৰ চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ উক্ত প্ৰতিস্থানটিৰ বিৰুদ্ধে আছে সংখ্যালঘূ ছাত্ৰ বৃত্তিৰ ধনৰ আত্মসাতৰ কেইবা কোটি টকাৰ কেলেংকাৰী ৷
জানিব পৰা মতে তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে হাফিজুৰ ৰহমানে প্ৰতিস্থানটোত সংঘটিত কোটি টকীয়া কেলেংকাৰীৰ ঘটনা পোহৰলৈ আনিছিল ৷ যাৰ বাবে হাম এক গ্ৰুপ নামৰ প্ৰতিস্থানটিত আৰক্ষীৰ অভিযান চলিছিল ৷ গ্ৰেপ্তাৰ হৈছিল সঞ্চালক, অধ্যক্ষ আদি ৷ এই ঘটনাৰ পিছত হাফিজুৰে নগাঁৱৰ হয়বৰগাঁও টাউন আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছিল ৷ য’ত হাফিজুৰে প্ৰাণলৈ ভাবুকি অহা বুলি এজাহাৰত উল্লেখ কৰিছিল ৷
আৰক্ষীক পূৰ্বে ব্যৱসায়ী হাফিজুৰে প্ৰাণৰ ভাবুকি অহাৰ বিষয়ে অৱগত কৰিছিল যদিও নগাঁও আৰক্ষীয়ে বিষয়টো গুৰুত্ব প্ৰদান কৰা নাছিল ৷ নগাঁও হয়বৰগাঁৱৰ আৰক্ষীয়ে বিষয়টো গুৰুত্ব নিদিয়াৰ বাবে সোমবাৰে নিশা হাফিজুৰৰ ওপৰত চলিল গুলীচালনাৰ ঘটনা ৷ অভিযোগ মতে হয়বৰগাঁও আৰক্ষীক সাধাৰণ লোকে অভিযোগ দাখিল কৰিলে সততে অভিযুক্তৰ পক্ষ গ্ৰহণ কৰাটো পুৰণি স্বভাৱ ৷ সদায়ে আৰক্ষী অধীক্ষকৰ অতি মৰমৰ এছ আই জনক মকৰল কৰা হয় হয়বৰগাঁও টাউন আৰক্ষী চকী ৷
জানিব পৰা মতে সোমবাৰে নিশা গুলীচালনাৰ সময়ত নগাঁও আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক দুয়োজনে একেলগে নগাঁও চহৰৰ মাজমজিয়াত তহল দি আছে ৷ চহৰ খনত দুই শীৰ্ষ আৰক্ষী বিষয়াই তহল দি থকাৰ সময়তে মটৰ চাইকেলত অবৈধ অস্ত্ৰলৈ ঘাতকে মুক্ত বিচৰণ কৰাটো চাঞ্চল্যজনক৷ সিমানে নহয় মটৰ চাইকেল আৰোহীয়ে হেলমেট পিন্ধিছেনে নাই তাক লৈ ব্যস্ত থকা নগাঁও আৰক্ষীৰ তালাচীৰ মাজতো কঁকালত মাৰানাস্ত্ৰ লৈ অপৰাধীয়ে মুক্ত বিচৰণ কৰাৰ বিষয়টো চিন্তনীয় বিষয় হৈ দেখা দিছে।