শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ৰূপে ধ্ৰুৱজ্যোতি শৰ্মা মনোনীত...

শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ৰূপে ধ্ৰুৱজ্যোতি শৰ্মা মনোনীত...

author-image
Asomiya Pratidin
New Update
শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ৰূপে ধ্ৰুৱজ্যোতি শৰ্মা মনোনীত...

শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ৰূপে ধ্ৰুৱজ্যোতি শৰ্মা মনোনীত...

ডিজিটেল সংবাদ নলবাৰী: অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক বিদ্যানিধি শৰৎ চন্দ্ৰ গোস্বামীৰ স্মৃতি যুগমীয়া কৰিবলৈ অসম সাহিত্য সভাই প্ৰস্তাৱ গ্ৰহণ কৰা 'শৰৎ চন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰ'ৰ আহ্বায়ক ৰূপে নিযুক্তি দিছে বিশিষ্ট সাহিত্যিক, সাংবাদিক, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাক। উল্লেখযোগ্য যে এই গৱেষণা কেন্দ্ৰৰ দাবী ২০২০-২৩ কাৰ্যকালৰ নলবাৰী জিলা সাহিত্য সভাই সজোৰে উত্থাপন কৰি আহিছিল আৰু সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল তদানীন্তন সাংগঠনিক সম্পাদক গোবিন্দ কলিতা,জিলা প্ৰতিনিধি ডাঃ বিপিন চন্দ্ৰ কলিতা, সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই ।

সেই মৰ্মে অসম সাহিত্য সভাৰ ২০২৩-২৫ কাৰ্যকালৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাই প্ৰস্তাৱ গ্ৰহণ কৰি নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাক আহ্বায়ক আৰু অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্পৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতাক সমন্বয়ক হিচাপে মনোনীত কৰিছে । ইতিমধ্যে এই গৱেষণা কেন্দ্ৰৰ প্ৰাৰম্ভিক প্ৰস্তুতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জনস্বাস্থ্য কাৰিকৰী-পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৰ্বাংগীন সহযোগিতা বিচাৰি বিষয়টো অৱগত কৰা বুলি আহ্বায়ক শৰ্মাই প্ৰকাশ কৰিছে।

এই গৱেষণা কেন্দ্ৰৰ মাধ্যমত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণমুখী যাত্ৰাত নতুন প্ৰজন্মৰ বিদ্যাৰ্থীসকলে নিজকে নিয়োজিত কৰিব পাৰিব ন- ন চিন্তাৰ নান্দনিক উন্মেষ ঘটিব ।

Also Read: ৰাজ্যত বানৰ তাণ্ডৱ: উটুৱাই নিলে পকী দলং...

অসম সাহিত্য সভা