/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/f428e48b-3ee6-4328-98af-241cb893ca53/cxvcc.jpg)
ডিজিটেল সেৱা, কঠীয়াতলী :-শুকুৰবাৰে নগাঁৱৰ কন্দলী নৱম আৰক্ষী বেটেলিয়ানৰ ফায়াৰিং ৰেঞ্জত পৰিত্যক্ত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণত কুঁহিয়াৰতলি আৰু পামতলি গাঁৱৰ চাৰিজন কিশোৰ আঘাতপ্ৰাপ্ত হয় ৷ ননৈ আৰক্ষীয়ে নিশাই আটাইকেইজনকে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত ৰাখী গগৈ আৰু বিকাশ চাওতাল নিশা ঘৰলৈ ঘুৰি আহে যদিও শনিবাৰে পুৱা অধিক ৰক্তক্ষৰণ হয়। যাৰ বাবে দুয়োজনকে পুনৰ স্থানীয় লোকৰ সহযোগত নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায় ।
এই বিস্ফোৰণত গুৰুতৰ ভাৱে আহত চাৰি কিশোৰ-কিশোৰী ক্ৰমে ৰঞ্জু মুডী, মংগল সিং চাওটাল, ৰাখী গগৈ আৰু বিকাশ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ফায়াৰিং ৰেঞ্জত গ্ৰেণেড বিস্ফোৰণ কৰি এটা সক্ৰিয় গ্ৰেণেড নুফুটাকৈ পেলাই থৈ যোৱাৰ ফলতে ঘটনাটো সংঘটিত হয় বুলি স্থানীয় লোকে অভিযোগ কৰিছে ৷
Also Read: লংকাৰ উদালী কছাৰী গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি মাৰপিট...