বন্ধ নহয় ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ চিকিৎসা সেৱা: বিধায়ক ৰূপক শৰ্মা

নগাঁও চহৰৰ মাজমজিয়াত থকা ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসা সেৱা বন্ধ নহয় ৷ এই ঘোষণা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ৷
 বন্ধ নহয় ভোগেশ্বৰী ফুকননী চিকিৎসালয়ৰ চিকিৎসা সেৱা: বিধায়ক ৰূপক শৰ্মা

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ মাজমজিয়াত থকা ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসা সেৱা বন্ধ নহয় ৷ এই ঘোষণা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ ৷

নগাঁৱৰ ৰাইজৰ সপোন নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় বাস্তৱ হোৱাৰ পিছত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসা সেৱা বন্ধ কৰিব বুলি চলা অপপ্ৰচাৰ চলিছিল ৷ এই অপপ্ৰচাৰক নসাৎ কৰি বিধায়ক ৰূপক শৰ্মাই কয় যে ভোগেশ্বৰী ফুকননীৰ নামতে চিকিৎসালয় থাকিব ৷ ৫০ খন বিচনায়ুক্ত চিকিৎসালয় হিচাপে থাকিব ৷ মাথোন অসামৰিক শব্দটো নাথাকিব ৷ সকলো বিভাগৰ চিকিৎসা প্ৰদান কৰা হ'ব ৷

লগতে বিধায়ক ৰূপক শৰ্মাই কয় যে যুটীয়া স্বাস্হ্য সঞ্চালকৰ কাৰ্যালয় , মেলেৰিয়া বিভাগৰ কাৰ্যালয় আদিকে ধৰি স্বাস্থ্য বিভাগৰ সকলো কাৰ্যালয় চিকিৎসালয় চৌহদলৈ স্থানান্তৰিত কৰা হ'ব ৷ নগাঁও চহৰৰ লোকে পূৰ্বৰ দৰে এই চিকিৎসালয়ৰ পৰা চিকিৎসা সেৱা লাভ কৰি থাকিব ৷

ইফালে নগাঁও অসামৰিক চিকিৎসালয়খনি মহখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ পিছত সমস্যাৰ সৃষ্টি হৈছে ৷ অসামৰিক চিকিৎসালয় খনিলৈ অহা ৰোগীক চিকিৎসকে গাড়ীৰ ভিতৰতে চিকিৎসা প্ৰদান কৰিব লগা হৈছে ৷ কৰ্তব্যৰত চিকিৎসকৰ মতে চিকিৎসালয়ৰ আচবাব লৈ যোৱাৰ বাবে পৰ্যাপ্ত বিচনা নথকাত চিকিৎসকে গাড়ীতে ৰোগী পৰীক্ষা কৰিব লগা হৈছে ৷

আৰু পঢ়ক: দলীয় টিকট নিদিয়াৰ পৰিণতি! বিজেপিত সমূহীয়া পদত্যাগৰ জোৱাৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in