দলীয় টিকট নিদিয়াৰ পৰিণতি! বিজেপিত সমূহীয়া পদত্যাগৰ জোৱাৰ...

বিজেপি নেতা -দল ত্যাগৰ জোৱাৰ উঠিছে নাগালেণ্ডৰ মোককচাঙ জিলাৰ বিজেপিত । একাংশ কৰ্মীৰ সমূহীয়া পদত্যাগ কৰি এনপিপিত যোগদান।

author-image
Asomiya Pratidin
New Update
দলীয় টিকট নিদিয়াৰ পৰিণতি!  বিজেপিত সমূহীয়া পদত্যাগৰ জোৱাৰ...

ডিজিটেল সংবাদ, ৱাখা: দল ত্যাগৰ জোৱাৰ উঠিছে নাগালেণ্ডৰ মোককচাঙ জিলাৰ বিজেপিত । বিজেপিৰ দলৰ টিকটৰ পৰা বঞ্চিত হৈ মোককচাঙ জিলাৰ অন্তৰ্গত ২২-আৰকাকং মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ সকলো নেতা-কৰ্মীয়ে পদত্যাগ কৰি বৃহস্পতিবাৰে নেচনেল পিপলছ অৰ্থাৎ এন পি পি পাৰ্টিত যোগদান কৰে।

Advertisment

উল্লেখ্য যে ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২২ নং আৰ্কাকং বিধানসভা সমষ্টিত বাবে প্ৰাক্তন মন্ত্ৰী নুক্লুটোছিক বিজেপি দলৰ পৰা টিকট বিচাৰিছিল। কিন্তু দলে টিকট প্ৰদান নকৰিলে সেয়ে তেওঁ বিজেপি দলৰ পৰা পদত্যাগ কৰি দলীয় সতীৰ্থ সৈতে এন পিপিত যোগদান কৰে ।

এন পি পিৰ মোককচাঙৰ ইউনিটে দাবী কৰা মতে প্ৰাক্তন মন্ত্ৰী নুক্লুটোছিৰ সমষ্টিটোৰ ভিতৰতে আটাইতকৈ শক্তিশালী প্ৰাৰ্থী। ২২-আৰ্কাকং বিধানসভা সমষ্টিত নুক্লুটোছি আৰু বৰ্তমানৰ সভাপতিৰ মাজত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা হ’ব।

আৰু পঢ়ক: ভূ-মাফিয়াৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰাৰ পাছতেই সাংবাদিকক নৃশংসভাৱে হত্যা

bjp nagaland NPP