/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/cb1c2615-5cea-4b00-b556-595c42b03bcf/205.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিৰ ভক্তিস্থলত চাৰিদিনীয়াকৈ নগাঁও ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অপূৰ্ব সৃষ্টিৰাজি অংকীয়া ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে ২০১২ চনৰ পৰা নগাঁও ভাওনা সমাৰোহ উদযাপন সমিতিৰ উদ্যোগত নগাঁও ভাওনা সমাৰোহ অনুষ্ঠিত কৰি অহা হৈছে।
ব্ৰজাৱলী ভাষাত অনুষ্ঠিত এই ভাওনা সমাৰোহে ৰাইজৰ বিপুল সহাৰি লাভ কৰি আহিছে। এইবাৰো উলহ-মালহৰে শুকুৰবাৰৰ পৰা ভাওনা সমাৰোহ অনুষ্ঠিত হ'ব। কাইলৈ পুৱা ধৰ্মধ্বজা উত্তোলনৰে সমাৰোহৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি তিলক চন্দ্ৰ মজুমদাৰে।
ইয়াৰ পিছতে পুৱাৰ ভাগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান,শ্ৰীশ্ৰী বটদ্ৰবা থানৰ পৰা ভক্তিস্থললৈ নিৰ্মালি আনয়ন, গুৰুআসন প্ৰতিষ্ঠা আৰু নামপ্ৰসংগ আদি অনুষ্ঠিত হ'ব। বিয়লি ১-০০ বজাত ভাওনা সমাৰোহ উদ্ধোধন কৰিব উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে।
ইয়াৰ পিছতে শ্ৰীকৃষ্ণৰ দশ অবতাৰ নৃত্য প্ৰদৰ্শন, শিশু সকলৰ দ্বাৰা কৃষ্ণ আৰু শংখচুৰ ভাৱৰীয়াৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২৫ নবেম্বৰত পুৱা নামপ্ৰসংগ অনুষ্ঠিত হোৱাৰ পিছত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া সাতখন খোলাত একেলগে "ৰুক্মিণী হৰণ "অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব।
ভাওনা উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিধায়ক ৰূপক শৰ্মাই। নিজডিমৌ, নগাঁও, তুলসীমূখ , শিমলুগুৰি ,পুৰণিগুদাম, ধিং ,দক্ষিণপাট শাখাই নাট প্ৰদৰ্শন কৰিব।
২৬ নবেম্বৰত পুৱা নামপ্ৰসংগ , বিয়লি দিহানাম প্ৰতিযোগিতা মুকলি কৰিব নগাঁও পৌৰসভাৰ উপপৌৰপতি সীমান্ত বৰাই। সন্ধিয়া সাতখন খোলাত ৰামায়ণ , মহাভাৰতৰ আধাৰত অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হ'ব ভাওনা উদ্বোধন কৰিব শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই।
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিধায়ক শশীকান্ত দাসে। চাপৰমুখ ,টাঙোনধৰাগাও ,টাউন পানীগাও , শিমলুগুৰি , পুৰণিগুদাম ,শংকৰ -মাধব শিল্পী সমাজ, দক্ষিণপাট শাখাই নাট প্ৰদৰ্শন কৰিব। ২৭নবেম্বৰৰ সামৰণি দিনা পুৱা নামপ্ৰসংগ , দুপৰীয়া আধ্যাত্মিক অনুভবৰ আত্মকথা ৰোমন্থন আৰু প্ৰীতি সন্মিলন অনুষ্ঠিত হ'ব।
স্মৃতিগ্ৰন্থ উন্মোচন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকাই। সন্ধিয়া সাতখন খোলাত ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি কেলিগোপাল নাট প্ৰদৰ্শন কৰা হ'ব। নাট উদ্বোধন কৰিব নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেব গোস্বামীয়ে।
বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বিধায়িকা শিবামণি বৰাই। নিজ ডিমৌ , দেওধৰ, টাউন পানীগাও , শিমলুগুৰি , পুৰণিগুদাম,ধিং আৰু তুলসীমূখ শাখাই নাট প্ৰদৰ্শন কৰিব। নিশা বটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ'ব। ভাওনা সমাৰোহৰ আটাইকেইদিনৰ কাৰ্যসূচী সফল কৰি তুলিবলৈ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ডা০ দুৰ্লভ চমুৱাই ভক্তপ্ৰাণ ৰাইজক আহ্বান জনাইছে।
Also Read: লাচিত সংঘৰ উদ্যোগত 'বীৰ লাচিত দিৱস'