/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/dbd0607a-e20b-460e-9adf-8e9c83ff5cf5/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত এতিয়া আৰক্ষী আছে নে নাই তাক লৈ সৰব চৰ্চা ৷ কাৰণ চোৰৰ উপদ্ৰৱে চৰম সীমা অতিক্ৰম কৰিছে ৷ চহৰখনৰ সৰ্বসাধাৰণক নিৰাপত্তা দিয়াত চৰম ভাবে ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ নাকৰ তলতে এইবাৰ চোৰ ৷
নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষতে আছে এপেক্স বেংকৰ নগাঁও শাখাটো ৷ চোৰে বেংকৰ এ চিৰ কপাৰৰ সকলো পাইপ চুৰি কৰি লৈ যায় ৷ শনিবাৰে পুৱতি নিশা বেংকৰ এ টি এম, মুখ্য কাৰ্যালয়ৰ এ চি ৰ কপাৰৰ পাইপ চুৰ কৰাৰ সময়ত চোৰে চি চি কেমেৰা বিকল কৰি লোৱা বুলি জানিব পৰা গৈছে ৷ দিনদিয়েক পূৰ্বে নগাঁও এছ বি আইৰ পৰাও চোৰে কপাৰৰ এ চি পাইপ চুৰি কৰিছিল ৷
উল্লেখ্য এই যে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষৰ চি আৰ পি এফৰ অধিনায়কৰ আবাসগৃহৰ সন্মুখতে চোৰে বেংকত চুৰি কৰা ঘটনাই নগাঁও আৰক্ষীৰ প্ৰকৃত তৎপৰতাকে উদঙাই দিছে ৷
Also Read: ক্ষীপ্ৰভাবে বলৱৎ হোৱাকৈ পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল...