/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/05c505cd-0fad-48a6-b5d5-5a04960d2036/Principal.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ মধ্য অসমৰ নগাওঁ জিলাৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে মঙলবাৰে মহাবিদ্যালয়খনৰ ইতিহাস বিষয়ৰ জ্যেষ্ঠ অধ্যাপক তথা অসমীয়া লোক-সংস্কৃতি কৰ্মী, লেখক ড০ সদানন্দ পায়েঙে যোগদান কৰে। উত্তৰ লক্ষীমপুৰৰ ঘূণাসূঁতি জন্মগ্ৰহণ কৰি পৰৱৰ্তী কালত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ব বিভাগত পি এইছ ডি ডিগ্ৰী গ্ৰহণ কৰা ড০ সদানন্দ পায়েং অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰা আৰু দায়িত্ব ভাৰ গ্ৰহণ কৰাত নগাঁৱৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজ উৎফুল্লিত হৈ পৰিছে।
বিগত দুটা বছৰ ধৰি মহাবিদ্যালয়খনত চলি থকা অস্থিৰ অৱস্থাৰ পাছত ড০ সদানন্দ পায়েঙে অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাত মহাবিদ্যালয়খনৰ শিক্ষক পৰিষদেও সন্তোষ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, ড০ সদানন্দ পায়েঙে বিগত ২৬ বছৰ ধৰি মহাবিদ্যালয়খনত শিক্ষকতা কৰাৰ লগতে মহাবিদ্যালয়খনৰ প্ৰশাসনীয় আৰু সাংস্কৃতিক দিশত বহুখিনি ভূমিকা গ্ৰহণ কৰি আহিছে। উল্লেখ্য মহাবিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ ক্ৰীড়া আৰু সাংস্কৃতিক দিশত সুদীৰ্ঘ কাল দিকনিৰ্ণয় কৰা ড০ সদানন্দ পায়েং এগৰাকী লেখক।
তেখেতৰ "অই নি:তম" অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা ৫০০টা অই নি:তমৰ সাৱলীল অসমীয়া অনুবাদৰ সংগ্ৰহ। "ঘূণাসূঁতিৰ প্ৰেমগাঁথা" আৰু "মিছিং জনজাতি সমাজ আৰু সংস্কৃতি" ড০ পায়েঙৰ বহুল সমাদৃত গ্ৰন্থ। লোক সংগীতৰ এগৰাকী নিষ্ঠাবান শিল্পী ড০ সদানন্দ পায়েঙে অসমৰ বহুকেইটা অভিজাত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।
অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ড০ পায়েঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়- মহাবিদ্যালয়খনৰ সামগ্ৰিক পৰিৱেশ সুস্থিৰ কৰিবলৈ চেষ্টা কৰাৰ লগতে মহাবিদ্যালয়খনক অন্যতম উচ্চ শিক্ষানুষ্ঠান ৰূপে গঢ়ি তোলাৰ প্ৰয়াস চলোৱা হ'ব। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছে নৱ নিযুক্ত অধ্যক্ষগৰাকীয়ে।
Also Read: নলবাৰী জিলা সাহিত্য সভাৰ দুই শাখাক স্বৰ্ণ শাখাৰ স্বীকৃতি