/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c091ae32-6d4a-45db-8dcf-1f3caf0aab07/Nalbari.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত জাগাৰা শাখা সাহিত্য সভা আৰু জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাই অসম সাহিত্য সভাৰ পৰা স্বৰ্ণ শাখা হিচাপে স্বীকৃতি লাভ কৰিছে। এই গৌৰৱময় স্বীকৃতি পোৱাৰ বাবে দুয়োখন শাখাৰ সভাপতি, সম্পাদক প্ৰমুখ্যে শাখাৰ বিষয়ববীয়া আৰু সদস্যসকলক নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে, ২৯ আৰু ৩০ জুলাইত গোৱালপাৰাৰ ইতিহাস প্ৰসিদ্ধ সূৰ্য্যপাহাৰ মহাপীঠস্থানত অসম সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিবেশন সম্পন্ন হয়। এই অধিবেশনৰ দ্বিতীয় দিনা অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্যকান্ত হাজৰিকাৰ পৌৰোহিত্যত হোৱা কাৰ্যনিৰ্বাহক সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই দুয়োখন শাখা সাহিত্য সভাক স্বৰ্ণ শাখা হিচাপে স্বীকৃতি দিয়ে।
এই স্বীকৃতিৰ বাবে জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সভাপতি কান্তেশ্বৰ কলিতা আৰু সম্পাদক পংকজ প্ৰতিম শৰ্মা আৰু জাগাৰা শাখা সাহিত্য সভাৰ সভাপতি কমলাকান্ত ডেকা আৰু সম্পাদক ৰবীন ডেকাই অসম সাহিত্য সভাক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখযোগ্য যে এই দুয়োখন শাখা সাহিত্য সভাই ইতিমধ্যে ১৫০গৰাকীতকৈও অধিক লোকক অসম সাহিত্য সভাৰ আজীৱন সদস্যভৰ্তি কৰাইছে। তাৰ ফলতেই দুয়োখন শাখা সভাই অসম সাহিত্য সভাৰ তৰফৰপৰা এই বিশেষ স্বীকৃতি লাভ কৰিছে। উল্লেখ্য জিলাখনত এই দুয়োখনক লৈ ১৩খন শাখা সাহিত্য সভাই স্বৰ্ণ শাখা আৰু ৫খন শাখা সাহিত্য সভাই শতদল শাখা হিচাপে স্বীকৃতি লাভ কৰিছে।
Also Read: মানকাচৰত বিশ্ব স্তনপান সপ্তাহ পালন