নগাঁৱত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মধ্যকালীন অধিৱেশন সম্পন্ন...

সমগ্ৰ অসমত খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সম্পৰ্কীয় আইন বলবৎৰ দাবী,স্মাৰ্ট মিটাৰ বন্ধৰ লগতে বহু কেইটা প্ৰস্তাৱ গ্ৰহণ

author-image
Asomiya Pratidin
New Update
নগাঁৱত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মধ্যকালীন অধিৱেশন সম্পন্ন...

ডিজিটেল সংবাদ,নগাঁও: অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁৱত অনুষ্ঠিত কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ দেওবাৰে সামৰণি পৰে। এক প্ৰেছ বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁয়ে কয় যে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ আতিথ্যত ৩০,৩১ আগষ্ট আৰু ১ ছেপ্তেম্বৰত আয়োজন কৰা যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ আজি সফল সামৰণি হয়।

Advertisment

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৩০ খন জিলা সমিতিৰ অংশগ্ৰহণৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অধিৱেশনৰ প্ৰথম দিনা পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীৰ পিছত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। দ্বিতীয় দিনা পুৱা আয়োজন কৰা বাৰেৰহণীয়া সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ লগতে সাংবাদিক পৰাগ মনি আদিত্য,জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণমণি নাথ, অভিনেত্ৰী ভ্ৰান্তি মেধি আৰু কন্ঠশিল্পী দীপলীনা ডেকাই অংশগ্ৰহণ কৰে।

প্ৰায় ২০০০ শোভাযাত্ৰাকাৰীয়ে অংশগ্ৰহণ কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই। ইয়াৰ পিছত দ্বিতীয় দিনা প্ৰতিনিধি সভাৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়। অৱশেষত আজি তৃতীয়দিনা প্ৰতিনিধি সভাৰ অন্তিমখন বৈঠক অনুষ্ঠিত হয়।

উল্লেখযোগ্য যে এই প্ৰতিনিধি সভাত যুৱ-ছাত্ৰ পৰিষদৰ ৩০খন জিলা সমিতি আৰু জিলা সমিতি সমূহৰ অন্তৰ্গত আঞ্চলিক সমিতি তথা শাখা সমিতি সমূহৰ প্ৰায় ১২০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। উক্ত সভাত যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক দিশ, অসমৰ সাম্প্ৰতিক পৰিস্থিতি, অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি অহা সংকট, স্মাৰ্ট মিটাৰ সংস্থাপনৰ জৰিয়তে চৰকাৰে সৰ্বস্তৰৰ জনতাক কৰা লুন্ঠন, ৰাজ্যৰ ঘাইপথ সমূহৰ দূৰৱস্থা আদি সকলো বিষয়ৰ লগতে অন্যান্য বহু বিষয়ৰ ওপৰত বিস্তাৰিতভাৱে আলোচনা হয়।

প্ৰতিনিধি সভাৰ অন্তিম দিনা উল্লেখিত সকলো বিষয়ৰ পুংখানুপুংখ আলোচনা হোৱাৰ অন্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে ভালেকেইটা প্ৰস্তাৱ গ্ৰহণ কৰে। লগতে শেহতীয়াভাৱে অসম চৰকাৰে বৰপেটা সত্ৰ আৰু বৰদোৱা সত্ৰৰ পৰিসীমাত প্ৰযোজ্য হোৱাকৈ প্ৰণয়ন কৰা আসাম লেণ্ড ৰেগুলেশ্বন এক্ট খন অসমৰ থলুৱা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভূমি সুৰক্ষাৰ বাবে সমগ্ৰ ৰাজ্যত এই আইন প্ৰযোজ্য হোৱাকৈ বলবৎ কৰাৰ দাবী জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰে।

তেনেদৰে বিদ্যুৎ বিভাগে সংস্থাপন কৰা স্মাৰ্ট মিটাৰৰ জৰিয়তে অতিমাত্ৰা বিদ্যুৎ মাচুল আদায় কৰি সৰ্বস্তৰৰ ৰাইজক সৰ্বশ্ৰান্ত কৰাৰ গৰিহণা জনাই অনতি বিলম্বে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ৰাজ্যজুৰি প্ৰৱল জনমত গঠন কৰি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু অসমীয়া ভাষা সংস্কৃতিলৈ অহা ভাবুকি প্ৰতিহত কৰাৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰিও অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত চাহপাতৰ লগতে থলুৱা কৃষকৰ উৎপাদিত অন্যান্য কৃষিজাত সামগ্ৰীৰ নূন্যতম সমৰ্থন মূল্য নিৰ্ধাৰণৰ বাবে চৰকাৰক দাবী জনাই এই বিষয়টোৰ ওপৰত উপযুক্ত কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

লগতে ৰাজ্য চৰকাৰক গৰিহণা জনাই ৰাজ্যৰ ঘাইপথ সমূহ অনতি বিলম্বে মেৰামতিৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈ প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিনিধি সভাত অন্যান্য আনুষংগিক বহু বিষয়ত আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Also Read: ভয়ংকৰ ঘটনাঃ বগীবিলত দুই সন্তানৰ সৈতে মাতৃয়ে জাঁপ দিলে ব্ৰহ্মপুত্ৰত...

Nagaon AJYCP meeting AJYCP meeting