ডিব্ৰুগড়ত মহিলা ছিকিউৰিটি গাৰ্ডক প্ৰহাৰ এজন ব্যক্তিৰ...

কৰ্মৰত অৱস্থাত থকা এগৰাকী মহিলা ছিকিউৰিটি গাৰ্ডৰ সৈতে মতানৈক্যত লিপ্ত হৈ প্ৰহাৰ কৰে ব্যক্তিজনে।

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ত মহিলা ছিকিউৰিটি গাৰ্ডক প্ৰহাৰ এজন ব্যক্তিৰ...

ডিজিটেল ডেস্ক : এগৰাকী মহিলা ছিকিউৰিটি গাৰ্ডক উপৰ্যুপৰি প্ৰহাৰ এজন ব্যক্তিৰ। কৰ্মৰত অৱস্থাত থকা এগৰাকী মহিলা ছিকিউৰিটি গাৰ্ডৰ সৈতে মতানৈক্যত লিপ্ত হৈ প্ৰহাৰ কৰে ব্যক্তিজনে। এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি ডিব্ৰুগড়ৰ ব্যক্তিগত বিদ্যালয় লিটল ফ্লাৱাৰৰ সন্মুখত কৰ্মৰত অৱস্থাত আছিল মহিলা ছিকিউৰিটি গাৰ্ড গৰাকী। কৰ্মৰত ছিকিউৰিটি গাৰ্ড গৰাকীয়ে এজন ব্যক্তিয়ে ন' পাৰ্কিঙত বাহন ৰখোৱাৰ বাবে বাধা প্ৰদান কৰিছিল। আৰু এই সামন্য কথাতেই ব্যক্তিজনে মহিলা ছিকিউৰিটি গাৰ্ড গৰাকীৰ সৈতে মতানৈক্যৰ সূত্ৰপাত ঘটায়। যাৰ ফলশ্ৰুতিত কাজিয়াত লিপ্ত হৈ মহিলাগৰাকীৰ গাত হাত দিয়ে ব্যক্তিজনে।

ইয়াৰ পাছতেই উক্ত স্থানত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। মহিলা ছিকিউৰিটি গাৰ্ডগৰাকীৰ দাবী গাত হাত দিয়াৰ বাবে উচিত শাস্তি প্ৰদান কৰক ব্যক্তিজনক। এই ঘটনাই ডিব্ৰুগড়ত সৃষ্টি কৰিছে ব্যাপক চৰ্চাৰ।

Also Read: সত্ৰীয়া সংস্কৃতিৰ সাধক ও সত্ৰাধিকাৰ মোহন চন্দ্ৰ মহন্তৰ দেহাৱসান...

Assam police