নগাঁৱত 'কা'ৰ বিৰুদ্ধে আছুৰ জোৰ সমদল...

প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতি
নগাঁৱত 'কা'ৰ বিৰুদ্ধে আছুৰ জোৰ সমদল...
নগাঁৱত 'কা'ৰ বিৰুদ্ধে আছুৰ জোৰ সমদল...

ডিজিটেল সংবাদ নগাঁও: অসম আৰু অসমীয়াৰ স্বাৰ্থ ও অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰা "কা" বলবৎ কৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আইনখনৰ নিয়মাৱলীৰ অধিসূচনা জাৰি কৰাৰ বিৰুদ্ধে মঙ্গলবাৰে সন্ধিয়া সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই জোৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰে। জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা উলিয়াব বিচৰা জোৰ সমদলক আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বাধা প্ৰদান কৰে।

আৰক্ষীয়ে বেৰিকেড দি ছাত্ৰ সন্থাৰ কৰ্মী সমৰ্থকক বাধা প্ৰদান কৰাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছাত্ৰ সন্থাৰ কৰ্মীসকলে "কা" আমি নামানো, "কা" বাতিল হ'বই লাগিব, অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। ইপিনে আজি পুৱাৰ ভাগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে নগাঁও চহৰৰ নতুন বজাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

পৰিষদৰ সদস্যসকলে আৰক্ষীৰ বাধাক প্ৰতিহত কৰি ৰাজপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্তুলিকা দাহ কৰে। কা নামানো,কা বাতিল কৰক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হুছিয়াৰ, অমিত শ্বাহ হুচিয়াৰ, অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে। নগাঁও জিলা কংগ্ৰেছে জিলা কাৰ্যালয়ৰ সন্মুখত 'কা'ৰ প্ৰতিলিপি দাহ কৰে।

নগাঁৱত 'কা'ৰ বিৰুদ্ধে আছুৰ জোৰ সমদল...
২০ বছৰৰ অপেক্ষাৰ অন্তত দলীয় প্ৰাৰ্থীত্ব লাভ কৰিলে প্ৰেমলাল গঞ্জুৱে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in