চিকিৎসকে প্ৰতিবেদন দিয়াৰ পাছতো পিতৃয়ে ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ বাতৰি প্ৰকাশ..

চিকিৎসকে প্ৰতিবেদন দিয়াৰ পাছতো পিতৃয়ে ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ বাতৰি প্ৰকাশ..
চিকিৎসকে প্ৰতিবেদন দিয়াৰ পাছতো পিতৃয়ে ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ বাতৰি প্ৰকাশ..

ডিজিটেল সংবাদ কামপুৰঃ নগাঁও জিলাৰ কচুৱাৰ এগৰাকী যুৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি কচুৱা অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে। কচুৱাৰ জুনিয়ৰ কলেজৰ ছাত্ৰীগৰাকীৰ মৃত্যৰ এটা মাহৰ পিছত চৰ্চালৈ অহাত সচেতন মহলক চিন্তুিত কৰি তুলিছে।

ছাত্ৰীগৰাকীক নিজ পিতৃয়ে হত্যা কৰা বুলি এটা নিউজ পৰ্টেলে বাতৰি প্ৰচাৰ কৰাৰ পিছত এই চাঞ্চল্য সৃষ্টি হৈছে। ঘটনাটো যোৱা ৪ নৱেম্বৰৰ। কচুৱাৰ আব্দুল বাৰেক নামৰ লোকজনৰ ২৩ বছৰীয়া ৰুণা লাইলা নামৰ ছাত্ৰীগৰাকীয়ে নিজৰ গা ধোৱা ঘৰত অচেতন অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালে।

লগে লগে চিকিৎসাৰ বাবে কচুৱা মডেল হাস্পতাললৈ লৈ যায় কচুৱা জুনিয়ৰ কলেজৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ এখন চিকিৎসালয়লৈ লৈ যায় যদিও পিছদিনা ৫ নৱেম্বৰত চিকিৎসাধীন অৱস্থাতে মৃত্য হয় ছাত্ৰীগৰাকীৰ।

এই ঘটনাৰ এমাহ অতিক্ৰম কৰাৰ পিছত এটা পৰ্টেলে ছাত্ৰীগৰাকীক নিজ পিতৃয়ে হত্যা কৰা বুলি এক বাতৰি প্ৰচাৰ কৰাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে । এই সম্পৰ্কে ৰুণা লাইলা নামৰ ছাত্ৰীগৰাকীৰ পিতৃয়ে ছাত্ৰীগৰাকীয়ে গা ধোৱা ঘৰত পৰি মৃত্যু হোৱা বুলি কয়।

উল্লেখ্য যে, চিকিৎসকৰ প্ৰতিবেদনতো ছাত্ৰীগৰাকীয়ে মূৰত আঘাত পোৱাৰ বাবে মৃত্যু হোৱা বুলি উল্লেখ কৰিছিল যদিও বাতৰিটোত পিতৃয়ে পেটত চুৰিৰে আঘাত কৰি হত্যা কৰে বুলি উল্লেখ কৰে। আনহাতে পৰ্টেলটোৱে প্ৰকাশ কৰা অনুসৰি কচুৱা জুনিয়ৰ কলেজৰ পৰা কলেজ কৰ্তৃপক্ষই পিতৃক ফোন কৰি ছাত্ৰীগৰাকীৰ বিৰদ্ধে ফোন যোগে অভিযোগ দিয়াৰ পিছতে পিতৃয়ে এই জঘণ্য কাম কৰে বুলি প্রকাশ কৰিছে।

এই সন্দৰ্ভত কলেজখনৰ অধ্যক্ষ আবুল হাছানৰ সৈতে যোগাযোগ কৰাত অধ্যক্ষগৰাকীয়ে সেইদিনা কলেজৰ ফালৰ পৰা কোনো অভিযোগ বা যোগাযোগ কৰা নাছিল বুলি মন্তব্য কৰে। এতিয়া প্ৰশ্ন হয়, কি উদ্দেশ্য আৰু কি তথ্যৰ ভিত্তিত এইদৰে এই পৰ্টেলটোৱে ছাত্ৰীগৰাকীৰ মৃত্যুৰ এমাহৰ পাছত এইদৰে বাতৰি পৰিৱেশন কৰিলে? ইয়াৰ আঁৰত লুকাই আছে নেকি আন কিবা ৰহস্য? এই সন্দৰ্ভত আৰক্ষীৰ সঠিক তদন্ত দাবী কৰিছে স্থানীয় লোকে।

চিকিৎসকে প্ৰতিবেদন দিয়াৰ পাছতো পিতৃয়ে ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ বাতৰি প্ৰকাশ..
হাজোৰ বামুন্দীত দুদিনীয়াকৈ নাট প্ৰতিযোগিতা..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in